ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব এইগৰাকী অলৰাউণ্ডাৰ খেলুৱৈয়ে

Retirement: পাকিস্তানে আয়োজন কৰিব চেম্পিয়নছ ট্ৰফী 2025 । তাৰপিছতে খেলপথাৰত আলোড়নৰ সৃষ্টি কৰা এগৰাকী অলৰাউণ্ডাৰে চিৰবিদায় জনাব এদিনীয়া ক্ৰিকেটক ৷

CHAMPIONS TROPHY 2025
ভাৰত আৰু পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 7:53 PM IST

স্প’ৰ্টছ ডেস্ক: আফগানিস্তানৰ এগৰাকী তাৰকা অলৰাউণ্ডাৰ খেলুৱৈয়ে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল'বলৈ সাজু হৈছে । তেওঁ বেটে-বলে উজ্বলি উঠিছে সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত ৷

ক্ৰিকেটাৰগৰাকীৰ অৱসৰৰ বিষয়ত প্ৰকাশ পাইছে এক ডাঙৰ খবৰ ৷ আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী নাছিব খানে নিজেই খেলুৱৈগৰাকীৰ অৱসৰৰ বিষয়ে প্ৰকাশ কৰিছে ।

ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানে আয়োজন কৰিবলগীয়া চেম্পিয়নছ ট্ৰফী 2025 ৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব আফগানিস্তানৰ ক্ৰিকেটাৰ মহম্মদ নবীয়ে । অৱশ্যে তেওঁ টি-20 ক্ৰিকেট খেল অব্যাহত ৰখাৰ সম্ভাৱনা আছে । নবীয়ে সম্পূৰ্ণৰূপে টি-20 ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ বিচাৰে, যাৰ বাবে তেওঁ এদিনীয়া ক্ৰিকেটক বিদায় জনোৱাৰ সম্ভাৱনা আছে ।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী নাছিব খানে এই সন্দৰ্ভত কয়, "চেম্পিয়নছ ট্ৰফীৰ পিছত নবীয়ে এদিনীয়া খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁ নিজৰ ইচ্ছাৰ বিষয়ে ব’ৰ্ডক অৱগত কৰিছে । তেওঁ মোক কেইমাহমানৰ আগতে কৈছিল যে তেওঁ চেম্পিয়নছ ট্ৰফীৰ পিছত এদিনীয়া কেৰিয়াৰ শেষ কৰিব বিচাৰে আৰু আমি তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছো" ৷

আফগানিস্তানক প্ৰতিনিধিত্ব কৰা এদিনীয়া ক্ৰিকেটৰ মহম্মদ নবী আছিল প্ৰথমগৰাকী অধিনায়ক । 2009 চনত স্কটলেণ্ডৰ বিৰুদ্ধে খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল । এই মেচখনত তেওঁ অৰ্ধশতক অৰ্জন কৰিছিল ।

165 খন এদিনীয়া মেচত 27.30 গড়ে 3549 ৰাণ সংগ্ৰহ কৰি নবীয়ে মুঠ 171 টা উইকেটো দখল কৰিছিল । বৰ্তমান আফগানিস্তানৰ দলটোৱে বাংলাদেশৰ বিৰুদ্ধে 3 খন এদিনীয়া মেচৰ শৃংখলা খেলি আছে ৷

লগতে পঢ়ক: বাবৰে নোৱাৰাটো কৰি দেখুৱালে ৰিজৱানে; 7 বছৰৰ পিছত পাকিস্তানৰ হাতত পৰাজিত অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.