ETV Bharat / state

উপ-নিৰ্বাচনত সাংঘাতিক ৰিগিং হ'ব পাৰে ! আগতীয়াকৈ আশংকা কৰি নিৰ্বাচন আয়োগক জনাই দিলে কংগ্ৰেছে - ASSAM BYE ELECTION 2024

আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ASSAM BYE ELECTION 2024
উপ-নিৰ্বাচনত সাংঘাতিক ৰিগিং হ'ব পাৰে ! আগতীয়াকৈ আশংকা কৰি নিৰ্বাচন আয়োগক জনাই দিলে কংগ্ৰেছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:50 PM IST

গুৱাহাটী: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । বিধানসভাৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ আৰু নিকা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

শুকুৰবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ASSAM BYE ELECTION 2024
উপ-নিৰ্বাচনত সাংঘাতিক ৰিগিং হ'ব পাৰে ! আগতীয়াকৈ আশংকা কৰি নিৰ্বাচন আয়োগক জনাই দিলে কংগ্ৰেছে (ETV Bharat Assam)

স্মাৰকপত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু নিখিল ভাৰত কংগ্ৰেছৰ বিশেষ পৰ্যবেক্ষকৰ দায়িত্বত থকা বিকাশ উপাধ্যায়ে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰি দেশৰ নিৰ্বাচন আয়োগক মুক্ত আৰু শংকামুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আবেদন জনায় । চামগুৰি বিধানসভা সমষ্টিত ইতিমধ্যে সংঘটিত কেবাটাও ঘটনাৰ উদাহৰণ দি স্মাৰকপত্ৰখনত কোৱা হয় যে কংগ্ৰেছ দলৰ বিধায়ক শিৱামণি বৰা, আফতাবুদ্দিন মোল্লা, আব্দুছ ছোৱাহনকে ধৰি কেবাজনো জনপ্ৰতিনিধিৰ ওপৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ পিছতো প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক: মই যদি নিমকি গুণ্ডা হিমন্ত বিশ্ব শৰ্মা ৰিভলভাৰ লোৱা গুণ্ডা: ৰকিবুল হুছেইন

স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আৰু এলেকাসমূহত চিচি টিভি যথোপযুক্তভাৱে সংলগ্ন কৰিবৰ বাবে দাবী উত্থাপন কৰি স্মাৰকপত্ৰখনত কোৱা হয় যে শাসকীয় দলৰ একাংশ সমৰ্থক আৰু গুণ্ডাবাহিনীয়ে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থীসকলক নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিছে আৰু ব্যাপকভাৱে অশান্তিৰ সৃষ্টি কৰিছে । শাসকীয় বাহিনীৰ সমৰ্থকসকলে ইতিমধ্যে কংগ্ৰেছ দলৰ সমৰ্থকৰ বাহন আৰু অন্যান্য সা-সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰিছে আৰু সমৰ্থকসকলক ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে ।

অসমত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা বিধানসভা সমষ্টি চামগুৰি, বিহালী, ধলাই, ছিদলী আৰু বঙাইগাঁৱত শাসকীয় দলৰ গুণ্ডাবাহিনী, চৰকাৰী ব্যৱস্থাৰ সহযোগিতাত অধিক সক্ৰিয় হৈ পৰিছে আৰু এনে পৰিস্থিতিত কংগ্ৰেছ দলে ৰিগিং হোৱাৰ আশংকা কৰিছে । সেইবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰক নিৰাপত্তা প্ৰদান কৰি মুক্তমনেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিব লাগে বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰা হয় ।

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কংগ্ৰেছ দলৰ তৰফৰ পৰা স্মাৰকপত্ৰখন প্ৰদান কৰাৰ কথা উল্লেখ কৰে আৰু সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাৰতীয় নাগৰিকক নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা দিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় । বৰাই লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত সাধাৰণ ভোটাৰক প্ৰলোভন আৰু প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ কৰে ।

মুখ্যমন্ত্ৰীৰ এই প্ৰলোভনৰ ৰাজনীতিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি উল্লেখ কৰি বৰাই ৰাইজক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনৰ আভুৱাভৰা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ আহ্বান জনায় । উল্লেখ্য যে দিছপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধিৰ দলে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিনিধি দলটোত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্ৰাক্তন সাংসদ বলীন কুলী আছিল ।

লগতে পঢ়ক: চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.