অসম

assam

By ETV Bharat Sports Team

Published : 5 hours ago

ETV Bharat / sports

ৰোহিতক উচ্চ প্ৰশংসা; জয়ছোৱাল আৰু চিৰাজলৈ শৃংখলাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা - FIELDER OF THE SERIES AWARD

Fielder of the Series: বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতে 2-0 ব্যৱধানত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে ৷ এই শৃংখলাৰ সময়ত ভাৰতৰ উৎকৃষ্ট বেটিং, বলিং আৰু ফিল্ডিং শৈলী পৰিলক্ষিত হয় ৷

FIELDER OF THE SERIES AWARD
ফিল্ডিঙৰ সময়ত যশস্বী জয়ছোৱাল আৰু মহম্মদ চিৰাজ (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ:ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাটো 2-0 ব্যৱধানত দখল কৰিছে ভাৰতে ৷ শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত বৰষুণে বিধি-পথালি দিয়াত দ্বিতীয় আৰু তৃতীয় দিনত খেল অনুষ্ঠিত কৰিব পৰা নগ’ল ৷

অৱশ্যে শেষৰ দুদিনত মেচ অনুষ্ঠিত হোৱাত ভাৰতে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি দলক জয়ৰ সোৱাদ দিয়াৰ লগতে দখল কৰে শৃংখলা ৷ অৱশ্যে কানপুৰ টেষ্টৰ প্ৰথম দিনা মাত্ৰ 35 অভাৰৰ খেলহে অনুষ্ঠিত হয় ৷

এই জয়ৰ পিছত ভাৰতৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপে পুৰস্কাৰ দিয়াৰ পৰম্পৰা অব্যাহত ৰাখিছিল । ফিল্ডিং প্ৰশিক্ষকগৰাকীয়ে ভাৰতে বাংলাদেশক পৰাস্ত কৰাৰ পাছত দলৰ একাংশ খেলুৱৈৰ শ্ৰেষ্ঠ ফিল্ডিং প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰে ।

টি দিলীপে ৰোহিত শৰ্মা, কে এল ৰাহুল, যশস্বী জয়ছোৱাল আৰু মহম্মদ চিৰাজক উচ্চ প্ৰশংসা কৰে ৷ লগতে যশস্বী আৰু চিৰাজক শৃংখলাটোৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে ঘোষণা কৰে । দুয়োজন খেলুৱৈয়ে শৃংখলাৰ সময়ত উন্নত প্ৰদৰ্শন দাঙি ধৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

যশস্ৱীয়ে শৃংখলাটোত চাৰিটা কেচ আয়ত্ব কৰাৰ বিপৰীতে চিৰাজে দুটা কেচ আয়ত্ব কৰে । দ্বিতীয় টেষ্ট মেচখনত যশস্ৱীৰ ফিল্ডিং শৈলীক যথেষ্ট প্ৰশংসা কৰে প্ৰশিক্ষকে ৷ "তেওঁ খেলপথাৰত সকলোখিনি দিছিল আৰু দেখুৱাইছিল যে অনাগত বছৰসমূহত সৰ্বশ্ৰেষ্ঠ ক্ল’জ-ইন ফিল্ডাৰসকলৰ মাজৰ এজন হ'ব পাৰে" বুলি ফিল্ডিং প্ৰশিক্ষকগৰাকীয়ে প্ৰকাশ কৰিছিল ।

ইয়াৰোপৰি মহম্মদ চিৰাজেও এটা দৰ্শনীয় কেচ আয়ত্ব কৰিছিল, যিটোৱে সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছিল ।

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰাখি 2-0 ব্যৱধানত দখল কৰিছিল শৃংখলা ৷ চেন্নাইত অনুষ্ঠিত এই টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত বাংলাদেশে 280 ৰাণত পৰাজয়বৰণ কৰে ৷

আৰ অশ্বিনক তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা আগবঢ়োৱা হয় ৷ তদুপৰি দুবাৰকৈ শতক অৰ্জন কৰা আৰু একেখন খেলপথাৰতে পাঁচটা উইকেট দখল কৰা আৰ অশ্বিনক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য চিৰিজ বঁটা ৷

লগতে পঢ়ক:বাবৰ আজমৰ আকস্মিক সিদ্ধান্ত; সলনি হ’ব পাৰে এইগৰাকী ক্ৰিকেটাৰৰ ভাগ্য - PAKISTANI CRICKETER BABAR AZAM

ABOUT THE AUTHOR

...view details