স্পৰ্টছ ডেস্ক, ২০ জুলাই :শেহতীয়াকৈ মহম্মদ শ্বামী আৰু ছানিয়া মিৰ্জাৰ মাজত লিংক আপৰ বাতৰি বহুলভাৱে বিয়পি পৰিছিল যদিও শেহতীয়াকৈ প’ডকাষ্টত হোৱা এক কথা-বতৰাত শ্বামীয়ে এই সকলোবোৰ বাতৰি খাৰিজ কৰিছিল । বহু ছ’চিয়েল মিডিয়া হেণ্ডেলত দুয়োৰে বিয়া হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অৱশ্যে এই সন্দৰ্ভত সোধাত শ্বামীয়ে এনে মিছা প্ৰচাৰ কৰা সকলো ব্যৱহাৰকাৰীক ধমক দিয়ে । লগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত সকলোৱে দায়িত্বশীলভাৱে কাম কৰিব লাগে বুলিও তেওঁ কয় ।
ইউটিউব চেনেলত প’ডকাষ্টত তেওঁ কয়, ‘ছ’চিয়েল মিডিয়াত সকলোকে দায়িত্বশীলভাৱে কাম কৰিবলৈ আৰু এনে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ।’
শ্বামীয়ে আৰু কয়, ‘এইটো আচহুৱা আৰু ইচ্ছাকৃতভাৱে কিছু অসাৰ মজাৰ বাবে কৰা হৈছে । কিন্তু কি কৰিব পাৰি ? মোৰ ফোনটো খুলিলে সেই মিমবোৰ চাব পাৰিম । কিন্তু মই মাত্ৰ ক'ব বিচাৰিছো যে মই ভাবো মিমবোৰ ধেমালিৰ বাবে বনোৱা হয়, কিন্তু যদি সেইবোৰ কাৰোবাৰ জীৱনৰ লগত জড়িত, তেন্তে আপুনি ভাবিব লাগে আৰু তাৰ পিছতহে এনেবোৰ কথা শ্বেয়াৰ কৰিব লাগে । এই লোকসকলে অনভেৰিফাইড পেজৰ পৰা শ্বেয়াৰ কৰে আৰু যিকোনো কথা কৈ বাচি যায় ।