স্প’ৰ্টছ ডেস্ক: ওমানত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ হকী এছিয়া কাপৰ ফাইনেল খেলখন বুধবাৰে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল ৷ যিখন মেচ অনুৰাগী তথা দৰ্শকৰ বাবে অতিকৈ উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় আছিল ।
ভাৰতীয় দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পাকিস্তানক 5-3 গ’লত পৰাস্ত কৰে ৷ সমান্তৰালকৈ প্ৰতিযোগিতাখনৰ ইতিহাসত অভিলেখ সৃষ্টিকাৰী পঞ্চমটো খিতাপ দখল কৰিবলৈ সক্ষম হয় ।
অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে খিতাপ জয় ভাৰতৰ
ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত জুনিয়ৰ হকী এছিয়া কাপৰ এয়া ক্ৰমাগত দ্বিতীয়খন ফাইনেল মেচ আছিল । ভাৰতে প্ৰতিযোগিতাখনত বৰ্তমানলৈকে অভিলেখসংখ্যক পাঁচবাৰৰ বাবে খিতাপ জিকিছে ৷ দলটোৱে 2023, 2015, 2008 আৰু 2004 চনত এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল ।
খেলুৱৈসকলৰ ওপৰত ধনৰ বৰষুণ
প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে হকী ইণ্ডিয়াই ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈক দুই লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব ৷ লগতে প্ৰতিগৰাকী সহায়ক-কৰ্মচাৰীক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু পুৰুষৰ জুনিয়ৰ এছিয়া কাপত খিতাপ জয়ৰ বাবে এক লাখ টকাৰ নগদ ধন প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷
অৰিজিত সিং হোণ্ডালৰ 4 গ'ল প্ৰদান
ভাৰতৰ হৈ অৰিজিত সিং হোণ্ডালে চাৰিটা গ'ল প্ৰদান কৰিছিল । ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত পাকিস্তানক পৰাস্ত কৰে । অৰিজিত সিং হোণ্ডাল দুৰ্দান্ত ফৰ্মত থাকি খেলখনৰ চতুৰ্থ, 18, 47 আৰু 54 মিনিটত ভাৰতৰ হৈ গ'ল প্ৰদান কৰে ৷ দলৰ আন এগৰাকী খেলুৱৈ দিলৰাজ সিঙেও (19 মিনিট) গ’ল প্ৰদান কৰা দেখা গৈছিল ৷
পাকিস্তানৰ হৈ অধিনায়ক শ্বাহিদ হান্নান (তৃতীয় মিনিট) আৰু চুফিয়ান খানে (30 আৰু 39 মিনিট) গ’ল প্ৰদান কৰি সমতা স্থাপনৰ চেষ্টা চলাইছিল ৷ কিন্তু শেষত তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ প্ৰমাণিত হৈছিল ৷
খেলখনৰ তৃতীয় মিনিটত পাকিস্তানে গ'ল প্ৰদান কৰি খেলখনত অগ্ৰগতি লাভ কৰিছিল ৷ দলটোৰ হৈ শ্বাহিদে গ'লটো প্ৰদান কৰে যদিও দ্বিতীয় মিনিটত ভাৰতে সমতা অৰ্জন কৰে । দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে দুটা গ'ল কৰি খেলখনত 3-1 ৰ অগ্ৰগতি লাভ কৰে ৷ হাফ টাইম শেষ হোৱাৰ আগতে চুফিয়ানে এটা গ'ল কৰি ব্যৱধান 3-2 লৈ হ্ৰাস কৰে ৷
তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় দলটোৱে গ'ল প্ৰদান কৰাত বিফল হয় ৷ খেলৰ 39 মিনিটত চুফিয়ান খানে আন এটা গ'ল প্ৰদান কৰি 3-3 ত সমতা স্থাপনৰে পাকিস্তানে প্ৰত্যাৱৰ্তন কৰা দেখা যায় ৷
কিন্তু শেষৰ কোৱাৰ্টাৰত, পাকিস্তানে গ'ল কৰাৰ সুযোগ লাভ কৰিও ব্যৰ্থ হয় ৷ ভাৰতে 47 মিনিটত আৰু তাৰপিছত 54 মিনিটত গ'ল প্ৰদান কৰি খেলখনত 5-3 ব্যৱধানত অগ্ৰগতিৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:761 ৰাণৰ প্ৰত্যুত্তৰত 7 ৰাণত অল আউট; ভাৰততে অনুষ্ঠিত হৈছিল এইখন খেল