স্প’ৰ্টছ ডেস্ক:সোমবাৰে স্পেনিছ ফুটবলৰ এক ঐতিহাসিক মুহূৰ্তত ম্যানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ ৰোড্ৰিৰ নাম সন্মানীয় বেলন ডি'অৰ বঁটা বিজয়ী হিচাপে ঘোষণা কৰা হয় ।
ম্যানচেষ্টাৰ চিটিৰ ৰোড্ৰিৰ বেলন ডি'অৰ 2024 খিতাপ জয়
28 বছৰীয়া ৰোড্ৰিয়ে ৰিয়েল মাদ্ৰিদৰ ভিনিচিয়াছ জুনিয়ৰ আৰু জুড বেলিংহামৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি লাভ কৰে এই বঁটা । বিগত ছিজনত, ৰোড্ৰিয়ে চিটিৰ একেৰাহে চতুৰ্থ খিতাপ দখলত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।
তেওঁ এই বছৰৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপতো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল ৷ য’ত স্পেইনে অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ দখল কৰিছিল ।
1990 চনত লোথাৰ মাথাছৰ পিছত এই বঁটা লাভ কৰা ৰোড্ৰি স্পেইনৰ প্ৰথম ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে পৰিচিত হৈছিল । আলফ্ৰেডো ডি ষ্টেফানো (1957 আৰু 1959) আৰু লুইছ চুয়াৰেজ (1960)ৰ পিছত এই বঁটা লাভ কৰা তৃতীয়গৰাকী স্পেনিছ ফুটবলাৰত পৰিগণিত হয় ৰোড্ৰি ।
এই বঁটা স্পেনিছ ফুটবলৰ বাবে এক বিজয়ৰ দৰে
ৰোড্ৰিয়ে বঁটা গ্ৰহণ কৰি কৈছিল যে, "এই বঁটা স্পেনিছ ফুটবলৰ বাবে এক বিজয় । আজিৰ জয় মোৰ বাবে নহয়, এয়া স্পেনিছ ফুটবলৰ বাবে ৷ আন বহুতো খেলুৱৈৰ বাবে, যিসকলে ইয়াক লাভ কৰিব পৰা নাই ৷ তেওঁলোকে ইয়াৰ যোগ্য যেনে (আন্দ্ৰেছ) ইনিয়েষ্টা, জাভি (হাৰ্ণাণ্ডেজ), ইকাৰ (কাচিলাছ), চাৰ্জিঅ’ বাস্কুৱেটছ আৰু আন বহুতো । এয়া স্পেনিছ ফুটবল আৰু মিডফিল্ডাৰৰ ব্যক্তিত্বৰ বিষয়" ৷