স্পৰ্টছ ডেস্ক,৯ মে':লক্ষ্ণৌ চুপাৰ জায়েন্টছে বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । হায়দৰাবাদে মাত্ৰ ৯.৪ অভাৰতে লক্ষ্ণৌৱে বান্ধি দিয়া ১৬৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় ।
খেলখনৰ পিচতে হায়দৰাবাদৰ দলটোক যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে । ইয়াৰ বিপৰীতে লক্ষ্ণৌৰ দলটোও সমালোচনাৰ সন্মুখীন হৈছে । পিছে আন এটা বিষয়ক লৈ খেলখন সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে । বিষয়টো হৈছে কে এল ৰাহুলৰ ষ্ট্ৰাইক ৰেট । এলএছজিয়ে খেলখনত মুঠ ১৬৫ ৰাণ কৰিছিল আৰু অধিনায়ক কে এল ৰাহুলে ৩৩ টা বলত মাত্ৰ ২৯ ৰাণৰ এক লেহেমীয়া ইনিংছ খেলিছিল ।
এলএছজিয়ে গোটেই ইনিংছটোত অধিক সংগ্ৰাম কৰা দেখা গৈছিল । বেটছমেনসকলে প্ৰথম ১০ অভাৰত এটা বাউণ্ডেৰীও কোবাবলৈ সক্ষম হোৱা নাছিল । প্ৰথম ইনিংছত উইকেট লেহেমীয়া দেখা গৈছিল যদিও এছআৰএইচৰ অপেনাৰ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই টাৰ্গেটৰ পিচত যোৱাৰ সময়ত বিপক্ষৰ বলাৰসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ।