অসম

assam

আই পি এল 2025: কাৰ শিৰত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ গুৰুদায়িত্ব ? - IPL 2025

By ETV Bharat Sports Team

Published : Aug 25, 2024, 1:32 PM IST

KKR Captain: আই পি এল 2025 সংস্কৰণৰ পূৰ্বে আৰম্ভ হ’ব খেলুৱৈ নিলামৰ প্ৰক্ৰিয়া ৷ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছো সাজু হৈ পৰিছে আই পি এলৰ নতুন সংস্কৰণৰ বাবে ৷ পিছে দলটোৱে এইবেলি অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে এগৰাকী যুৱ ক্ৰিকেটাৰৰ ওপৰত ৷ তেওঁনো কোন, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

IPL 2025
ৰোহিত শৰ্মা (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট:ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল 2025 ৰ পূৰ্বে অনুষ্ঠিত হ’ব খেলুৱৈসকলৰ নিলাম ৷ এই নিলামৰ আগতে সকলো দলতে দেখা যাব বৃহৎ পৰিৱৰ্তন ৷ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছো সাজু হৈ পৰিছে আই পি এলৰ নতুন সংস্কৰণৰ বাবে ৷ দলটোৱে এইবেলি এগৰাকী প্ৰতিষ্ঠিত ক্ৰিকেটাৰক দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

কলকাতা নাইট ৰাইডাৰ্ছে এইক্ষেত্ৰত ৰোহিত শৰ্মাৰ সলনি প্ৰথম পছন্দ হিচাপে ব্যক্ত কৰিছে ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱৰ নাম ৷ ইতিমধ্যে কে কে আৰে সূৰ্যকুমাৰ যাদৱক অধিনায়কত্বৰ বাবে প্ৰস্তাৱ দিয়া বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ শেহতীয়াকৈ এটা ইউ টিউব চেনেলত দিয়া সাক্ষাৎকাৰত যাদৱে এই নতুন দায়িত্বৰ বাবে সাজু বুলিও প্ৰকাশ কৰিছে ৷ তদুপৰি 2024 চনৰ আই পি এল সংস্কৰণত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা দলটোৱে এইবেলি দলটোৰ পৰা শ্ৰেয়ছ আয়াৰক অব্যাহতি দিয়াৰো সম্ভাৱনা আছে ৷

অৱশ্যে, এই বিষয়ত কে কে আৰৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা লাভ কৰা হোৱা নাই । সূৰ্যকুমাৰ যাদৱে মুম্বাইৰ দলটো এৰাৰ লগে লগে আকৌ এবাৰ ফ্ৰেঞ্চাইজিয়ে নতুন খেলুৱৈৰ সন্ধান কৰিবলগীয়া হ’ব পাৰে ৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়া আছিল গুজৰাট টাইটানছত । দলটোৰ অধিনায়কৰো দায়িত্ব বহন কৰিছিল পাণ্ডিয়াই ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ টি-20 বিশ্বকাপৰ ফাইনেলত এটা আকৰ্ষণীয় কেচ ধৰাৰ পিছৰে পৰা ক্ৰীড়াপ্ৰেমীৰ মাজত যথেষ্ঠ চৰ্চা লাভ কৰি আহিছে সূৰ্যকুমাৰ যাদৱে ৷ ইতিমধ্যে সূৰ্যকুমাৰ যাদৱৰ ওপৰতো প্ৰদান কৰা হৈছে ভাৰতীয় টি-20 দলৰ অধিনায়কৰ দায়িত্ব ৷ যাৰ বাবে সূৰ্যক নিজৰ নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ আই পি এলৰ ফ্ৰেঞ্চাইজি দলসমূহৰ মাজত চলিব তীব্ৰ প্ৰতিদ্বন্দ্বিতা । বৰ্তমান সূৰ্য আৰু শ্ৰেয়ছ আয়াৰে বুচি বাবু টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:অ’ল্ড ট্ৰেফৰ্ডত প্ৰথমখন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে 5 উইকেটত ধৰাশায়ী শ্ৰীলংকা - ENGLAND VS SRI LANKA 1ST TEST

ABOUT THE AUTHOR

...view details