অসম

assam

অভিলেখ ভঙা-গঢ়াৰ সুযোগেৰে আজিৰে পৰা ভাৰত-বাংলাদেশ টেষ্ট শৃংখলা - Ind vs Ban test series 2024

By ETV Bharat Sports Team

Published : 18 hours ago

India Bangladesh Test Series : বৃহস্পতিবাৰৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলা চেন্নাইত আৰম্ভ হ'ব । শৃংখলাটোত ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনে এক মাইলৰ খুঁটিত উপনীত হোৱাৰ পথত আছে । আনহাতে, টীম ইণ্ডিয়াই শৃংখলা জয়ৰ অভিলেখ ধাৰা ১৮ লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিব ।

India Bangladesh Test Series
আজিৰে পৰা ভাৰত-বাংলাদেশ টেষ্ট শৃংখলা (IIANS Photo)

স্পৰ্টছ ডেস্ক, ১৯ ছেপ্টেম্বৰ :ভাৰত আৰু বাংলাদেশৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ বৃহস্পতিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই শৃংখলাটোত অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে ভাৰতীয় খেলুৱৈয়ে কেইবাটাও অভিলেখ ভংগ কৰাৰ পথত আছে । ইয়াৰ উপৰি টীম ইণ্ডিয়াই ঘৰুৱা শৃংখলা জয়ৰ অভিলেখ ধাৰা 18 খনলৈ বৃদ্ধি কৰাৰ সুযোগৰ অপেক্ষাত আছে ।

এই শৃংখলাটোত কি কি অভিলেখ ভংগ হোৱাৰ সম্ভাৱনা আছে

সৰ্বাধিক সংখ্যক ঘৰুৱা টেষ্ট শৃংখলা জয়ৰ অভিলেখ

যদি ভাৰতে এই শৃংখলাটো জয় কৰে বা ড্ৰ কৰিবলৈ সক্ষম হয়, তেন্তে ভাৰতে ঘৰুৱা মাটিত শৃংখলা জয়ৰ ধাৰা 18 খনলৈ বৃদ্ধি কৰিব । ভাৰতীয় দলটোৱে ২০১২ চনৰ ডিচেম্বৰৰ পৰা কোনো ঘৰুৱা শৃংখলাত পৰাস্ত হোৱা নাই । ২০১২ চনত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে 2-1 ব্যৱধানত পৰাজিত হৈছিল ।

ৰোহিত শৰ্মা

ৰোহিত শৰ্মাই এই শৃংখলাটোত দুটাকৈ মাইলৰ খুঁটিত উপনীত হোৱাৰ সম্ভাৱনা আছে । যদি সোঁহতীয়া বেটছমেনগৰাকীয়ে টেষ্টত আৰু আঠটা ছয় কোবায়, তেন্তে তেওঁ ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা টেষ্ট বেটছমেন হিচাপে পৰিগণিত হ'ব । বৰ্তমান তেওঁ 84 টা ছয়েৰে এই তালিকাত দ্বিতীয় স্থানত আছে । আনহাতে, ভাৰতৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ 91 টা টেষ্ট ছয়ৰ সৈতে শীৰ্ষস্থানত আছে ।

ইয়াৰ উপৰি ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট'কছ (১৩১), নিউজীলেণ্ডৰ প্ৰাক্তন উইকেটৰক্ষক বেটছমেন ব্ৰেণ্ডন মেককুলাম (১০৭) আৰু অষ্ট্ৰেলিয়াৰ উইকেটৰক্ষক বেটছমেন এডাম গিলক্ৰিষ্ট (১০০) বিশ্বৰ শীৰ্ষ তিনিজন 'ছিক্স-হিটাৰ'ৰ তালিকাত আছে । আনহাতে, যদি ৩৭ বছৰীয়া ৰোহিতে এই দুখন মেচত একেৰাহে ছয় মাৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ টেষ্টত ১০০ টা ছয় কোবোৱা চতুৰ্থ বেটছমেন আৰু ভাৰতৰ প্ৰথম বেটছমেন হিচাপে পৰিগণিত হ'ব পাৰে ।

ইয়াৰ উপৰি 'হিটমেন' ৰোহিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শতকৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পথত আছে । ৰোহিতে ৪৮৩ খন মেচত ৪৮ টা শতক অৰ্জন কৰিছে । তেওঁ ৫০ টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ পৰা মাত্ৰ দুটা শতকৰ দূৰৈত আছে । যদি তেওঁ এই কৃতিত্ব অৰ্জন কৰিব পাৰে, তেন্তে তেওঁ তৃতীয়গৰাকী ভাৰতীয় বেটছমেন আৰু সামগ্ৰিকভাৱে দশম ক্ৰিকেটাৰ হ'ব । তেওঁৰ পূৰ্বে ভাৰতীয় হিচাপে কেৱল শচীন তেণ্ডুলকাৰ (১০০ শতক) আৰু বিৰাট কোহলীয়ে (৮০ শতক) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতকৰ অৰ্ধশতক অৰ্জন কৰিছিল ।

ৰবিচন্দ্ৰন অশ্বিন

ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বৃহৎ সফলতা অৰ্জনৰ পথত আছে । আৰ অশ্বিনৰ নামত দেশৰ ভূমিত ১৮৩ টা ইনিংছত ৪৫৫ টা উইকেট আছে । ঘৰুৱা খেলপথাৰত খেলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ অনিল কুম্বলেৰ (২০৪ ইনিংছত ৪৭৬) অভিলেখ ভংগ কৰাৰ পৰা অশ্বিন মাত্ৰ ২২ উইকেট দূৰৈত আছে ।

প্ৰাক্তন ফাষ্ট বলাৰ জাহিৰ খানৰ ৩১ টা উইকেটৰ অভিলেখ ভংগ কৰিবলৈ আৰু ভাৰত-বাংলাদেশ টেষ্ট মেচত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হ'বলৈ অশ্বিনক মাত্ৰ নটা উইকেটৰ প্ৰয়োজন ।

এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ইতিহাসত এককভাৱে অগ্ৰগতি লাভ কৰিবলৈ সোঁহতীয়া অফ স্পিনাৰগৰাকীক মাত্ৰ আৰু এবাৰ পাঁচটাকৈ উইকেট দখলৰ প্ৰয়োজন ৷ তেওঁ 10 বাৰ পাঁচটাকৈ উইকেট দখল কৰি সৰ্বাধিক পাঁচ উইকেট দখলৰ ক্ষেত্ৰত নাথান লিঅ'নৰ সৈতে একে স্থানত আছে ।

ডব্লিউ টি চি ইতিহাসত মুঠ উইকেটৰ ক্ষেত্ৰত অশ্বিন লিঅ'নৰ 187 টা উইকেটৰ পৰা মাত্ৰ 14 উইকেট দূৰৈত আছে । অৰ্থাৎ এইক্ষেত্ৰত অশ্বিনৰ উইকেটৰ সংখ্যা হৈছে 174 টা । ২০২৩-২৫ ৰ ডব্লিউ টি চি অভিযানত অশ্বিনৰ বৰ্তমান ৪২ টা উইকেট আছে । 51 টা উইকেট লৈ এই চক্ৰত আগবাঢ়ি থকা জছ হেজলউডক অতিক্ৰম কৰিবলৈ তেওঁক মাত্ৰ 10 টা উইকেটৰ প্ৰয়োজন ।

বিৰাট কোহলী

বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ বিশাল অভিলেখ ভংগ কৰাৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত আছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৭,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ হ'বলৈ তেওঁক মাত্ৰ ৫৮ ৰাণৰ প্ৰয়োজন । যদি সেইটো হয় তেন্তে তেওঁ ৬২৩ টা ইনিংছত তেণ্ডুলকাৰৰ ২৭,০০০ ৰাণ সংগ্ৰহৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব । কোহলীয়ে বৰ্তমান ৫৯১ টা ইনিংছত ২৬,৯৪২ ৰাণ সংগ্ৰহ কৰিছে ।

ইফালে, ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক ঘৰুৱা খেলপথাৰত ১২,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰিবলৈ মাত্ৰ ১১ ৰাণৰ প্ৰয়োজন । আনহাতে, ইয়াৰ দ্বাৰা তেওঁ সকলো ফৰ্মেটৰ পঞ্চমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগতে আৰু এনে ইতিহাস ৰচা বৰ্তমানৰ একমাত্ৰ সক্ৰিয় খেলুৱৈ হ'ব । শৃংখলাটোৰ সময়ত কোহলীৰ দৃষ্টি ৯,০০০ ৰাণ সম্পূৰ্ণ কৰাৰ ওপৰতো থাকিব । তেওঁ এতিয়ালৈকে টেষ্ট ক্ৰিকেটত ৮,৮৪৮ ৰাণ সংগ্ৰহ কৰিছে আৰু ৯ হাজাৰ ৰাণ সংগ্ৰহ কৰিবলৈ তেওঁক মাত্ৰ ১৫২ ৰাণৰ প্ৰয়োজন । যদি এইটো হয় তেন্তে এই ফৰ্মেটত ইমান সংখ্যক ৰাণ সংগ্ৰহ কৰা তেওঁ চতুৰ্থগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ব ।

লগতে পঢ়ক :ভাৰত-বাংলাদেশ টেষ্টৰ পূৰ্বে গৌতম গম্ভীৰ-বিৰাট কোহলীৰ বিশেষ ভিডিঅ’ ভাইৰেল - VIRAT KOHLI VS GAUTAM GAMBHIR
লগতে পঢ়ক :তিনিটাকৈ এটা শব্দৰ পোষ্টৰে কি বুজাব বিচাৰিছে বিৰাট কোহলীয়ে... - VIRAT KOHLI SOCIAL MEDIA POST

ABOUT THE AUTHOR

...view details