স্প’ৰ্টছ ডেস্ক: সমগ্ৰ বিশ্বত 'লাল বজৰী কা বাদশ্বাহ' নামেৰে বিখ্যাত, 22 বাৰৰ গ্ৰেণ্ড শ্লেম অৰ্জনকাৰী স্পেইনৰ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা গ্ৰহণ কৰে অৱসৰ ৷ মঙলবাৰে টেনিছ তাৰকাগৰাকীয়ে কেৰিয়াৰৰ অন্তিমখন মেচত অংশগ্ৰহণ কৰে ৷
ৰাফেল নাডালে ল’লে অৱসৰ
আশা কৰা ধৰণে কেৰিয়াৰৰ সামৰণি নপৰিল টেনিছ তাৰকা ৰাফেল নাডালৰ ৷ ডেভিছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হৈ অংশগ্ৰহণ কৰা নাডালে নেদাৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হয় ৷ নাডালে বোটিক ভান ডি জেণ্ডচুলপৰ বিৰুদ্ধে 4-6, 4-6 ৰ ব্যৱধানত পোনপটীয়া ছেটত পৰাজিত হয় ।
14 বাৰৰ ফ্ৰেন্স অপেন খিতাপ বিজয়ী 38 বছৰীয়া খেলুৱৈগৰাকীক বিশ্বৰ 80 তম স্থানৰ ডাচ্চ খেলুৱৈগৰাকীয়ে একক শাখাত পোনপটীয়া ছেটত পৰাস্ত কৰে । এই খেলৰ পূৰ্বে নাডালে নিজৰ কেৰিয়াৰত মাত্ৰ দুবাৰ বোটিক ভান ডি জেণ্ডচুলপৰ মুখামুখি হৈছিল আৰু এটাও ছেট নেহেৰুৱাকৈ দুয়োখন মেচতে জয়লাভ কৰিছিল ।
অন্তিমখন মেচত জয়ী হ’বলৈ নাডালৰ অহোপুৰুষাৰ্থ
মালাগাত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলি নাডালে জয়ৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল ৷ প্ৰথম ছেটটো হেৰুৱাই খেলুৱৈগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰিবলৈ কঠিন যুঁজ দিয়ে ৷ কিন্তু ডাচ্চ খেলুৱৈগৰাকীয়েও নাডালক উভতি ধৰি মেচখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷
প্ৰথমটো ছেটত নাডালে ডাচ্চ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে কঠিন যুঁজ দিয়ে ৷ কিন্তু শেষত 29 বছৰীয়া খেলুৱৈগৰাকীয়ে অগ্ৰগতি লাভ কৰি 6-4 ৰ ব্যৱধানত ছেটটো হস্তগত কৰে ৷ অৱশ্যে দ্বিতীয় ছেটটোত ডাচ্চসকলে আৰম্ভণিৰ পৰাই আধিপত্য বিস্তাৰ কৰিছিল । নাডালে ছেটটোত প্ৰত্যাৱৰ্তন ঘটাবলৈ যথেষ্ট চেষ্টা কৰাৰ পিছত 3-4 ত আগবাঢ়ে ৷ অৱশ্যে, বোটিকে নাডালক কোনোধৰণৰ সুযোগ নিদি দ্বিতীয় ছেটটো 6-4 ব্যৱধানত দখল কৰি মেচখনত জয়লাভ কৰে ৷
ৰাষ্ট্ৰীয় সংগীতৰ লগে লগে আৱেগিক হৈ পৰে নাডাল
পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিমখন খেলৰ পূৰ্বে কিংবদন্তি খেলুৱৈগৰাকীক অতি আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল । খেল আৰম্ভ হোৱাৰ পূৰ্বে নাডালে ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ লগে লগে ভাগি পৰে কান্দোনত ৷ এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ।