অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানত কাৰ্গিল যোদ্ধা

১০,০০০ ফুট অতি উচ্চতাৰ আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনত অংশগ্ৰহণ কাৰ্গিল যুদ্ধত শত্ৰুক পৰাভূত কৰি এখন ভৰি হেৰুওৱা বীৰ জোৱানৰ ।

Tawang Marathon 2024
আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানত কাৰ্গিল যোদ্ধা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

টাৱাং:১৯৯৯ চনৰ দেশ কঁপাই যোৱা কাৰ্গিল যুদ্ধৰ বিষয়ে হয়তো সকলোৰে মনত আছে । এই কাৰ্গিলৰ যুদ্ধত বহুতো ভাৰতীয় সেনাই দেশমাতৃৰ বাবে জীৱন আহুতি দিয়ে আৰু বহুজন চিৰজীৱনৰ বাবে পংগু হৈ পৰে । আজি আমি ভাৰতীয় সেনাৰ ১৬ গ্রেনেডিয়াৰৰ এনে এজন বীৰ সৈনিকৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে কাৰ্গিল যুদ্ধত এখন ভৰি হেৰুৱাইও ১০,০০০ ফুট অতি উচ্চতাৰ আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:টাৱাং মাৰাথনত ৮০ বছৰীয়া চিৰতৰুণ, ইথিওপিয়াৰ দৌৰবিদৰ প্ৰিয় বলিউডৰ তাৰকা

ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক সাক্ষাৎকাৰত কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক কেপ্টেইন সাগৱানে কয়, "দেহ-মন সুস্থ থাকিলেহে সকলো সুস্থ থাকিব, যুৱ প্ৰজন্মৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ এক বিশেষ গুৰুত্ব আছে । এগৰাকী সৈনিক হিচাবে দেশৰ যি কোনো প্ৰান্ততে এনেধৰণৰ ক্ৰীড়াত অংশগ্ৰহণ কৰাই নহয় সকলো দিশতে ভাগ ল’বলৈ সাজু ।"

আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানত কাৰ্গিল যোদ্ধা (ETV Bharat Assam)

তেওঁ কয়, "ভাৰতীয় সেনাৰ সৈনিক হিচাবে আন্তঃৰাষ্ট্ৰীয় সীমা চীন বা পাকিস্তান, অতি উচ্চতাৰ পাৰ্বত্য এলেকা একো কথা নহয়, এই দৌৰৰ মাজেৰে শান্তিৰ বাৰ্তা ভাৰতৰ ফিট ইণ্ডিয়াৰ দ্বাৰা সকলোলৈ যাব । এই মাৰাথনত যথেষ্ট নতুন যুৱক-যুৱতীয়ে ভৱিষ্যতত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে এক সুযোগ লাভ কৰিব ।" তেওঁ আৰু কয়, "ভাৰত এখন শান্তিপ্ৰিয় দেশ ৷ আমাৰ বাৰ্তা এয়ে যে, নিজে জীয়াই থাকিব লাগে আৰু সকলোৱে জীয়াই থাকক । আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানৰ দৰে বৃহৎ অনুষ্ঠানৰ জৰিয়তে সেই অঞ্চলৰ উন্নয়নৰ লগতে এখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাভ কৰে যি নৱপ্ৰজন্মৰ বাবে এক বৃহৎ সাফল্য ।"

লগতে পঢ়ক:৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

ভাৰতীয় সেনাৰ ২৬ গ্ৰেণেডিয়াৰৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সতেন্দ্ৰ সাগৱানে ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধত সীমান্তত শত্ৰুপক্ষক পৰাভূত কৰি নিজৰ দখললৈ অনাৰ সময়ত তেওঁলোকৰ শিবিৰৰ সমীপত শত্ৰুৱে স্থাপন কৰি থোৱা এটা মাইণ্ড বিস্ফোৰণৰ ফলত তেওঁৰ সোঁ-ভৰিখন চিৰদিনৰ বাবে হেৰুৱায় । বৰ্তমান কৃত্ৰিম এখন ভৰি লগাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছে । হাৰিয়ানা নিবাসী সাগৱানৰ কাৰ্গিলৰ যুদ্ধৰ সময়ত বয়স আছিল মাত্ৰ ২৮ বছৰ । বৰ্তমান ৫৩ বছৰীয়া বীৰ সৈনিকজন শিৱসাগৰ জিলাৰ অ' এন জি চিত মানৱ সম্পদ বিভাগত মেনেজাৰ হিচাবে কৰ্মৰত ।

ABOUT THE AUTHOR

...view details