হায়দৰাবাদ :ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ সময়সূচী ঘোষণা কৰিছে । অহা ২২ মাৰ্চত আই পি এলৰ ছিজন আৰম্ভ হ'ব । কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) দলে ইডেন গাৰ্ডেনত প্ৰতিযোগিতাৰ আৰম্ভণি মেচ খেলিব । ইফালে আই পি এলৰ ফাইনেলখনো ইডেন গাৰ্ডেনতে ২৫ মে'ত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনত মুঠ ৭৪ খন খেল খেলা হ'ব । ২০ মে'ত কোৱালিফায়াৰ-১ আৰু ২১ মে'ত এলিমিনেটৰ খেল ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আয়োজন কৰা হ'ব । আনহাতে কোৱালিফায়াৰ-২ খেলখন ২৩ মে'ত ইডেন গাৰ্ডেনত খেলা হ'ব ।
এই ছিজনত হ'ব ১২ খন ডাবল হেডাৰ
ছিজনৰ দ্বিতীয়খন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনৰ তৃতীয়খন খেলত চেন্নাই চুপাৰ কিংছে (চি এছ কে) এম এ চিদাম্বৰম ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ (এমআই) বিৰুদ্ধে খেলিব । দুয়োখন খেল ২৩ মাৰ্চতে খেলা হ'ব কিয়নো দেওবাৰে ডাবল হেডাৰ হ'ব । প্ৰতিযোগিতাখনত ৭৪ খন খেলৰ সময়ছোৱাত ১২ খন ডাবল হেডাৰ দেখা যাব । কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ৰাজস্থান ৰয়েলছ, চেন্নাই চুপাৰ কিংছ আৰু পাঞ্জাৱ কিংছ গ্ৰুপ 'A'ত আছে আনহাতে গুজৰাট টাইটানছ, চানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ গ্ৰুপ 'B'ত আছে ।