স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে আই পি এল 2025 ৰিটেনচনৰ ছবিখন সম্পূৰ্ণ স্পষ্ট হ’ব । এই প্ৰতিবেদনত এনে কিছুমান খেলুৱৈৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকল নিজ দলৰ অধিনায়ক হোৱা স্বত্বেও ফ্ৰেঞ্চাইজিয়ে তেওঁলোকক মুকলি কৰি দিব পাৰে ।
সমান্তৰালকৈ আই পি এলত এতিয়ালৈকে ফ্ৰেঞ্চাইজিসমূহে মুকলি কৰি দিয়া অধিনায়কসকলৰ বিষয়েও উল্লেখ কৰা হৈছে ৷
এইসকল অধিনায়কক ৰিটেন নকৰে ফ্ৰেঞ্চাইজিয়ে
আই পি এল 2025 ৰ পূৰ্বে ফ্ৰেঞ্চাইজিয়ে মুকলি কৰাৰ সম্ভাৱনা থকা অধিনায়কসকলৰ ভিতৰত প্ৰথমটো নাম হৈছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুল । ৰাহুলে পুনৰ দলটোৰ হৈ খেলিব নিবিচাৰিলে ফ্ৰেঞ্চাইজিয়ে তেওঁক মুকলি কৰিব লাগিব পাৰে ।
ইয়াৰ পিছত দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত মুকলি হোৱাৰ সম্ভাৱনা আছে ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই তেওঁলোকৰ অধিনায়ক ফাফ ডু প্লেচিছকো মুকলি কৰি দিব পাৰে । প্ৰাপ্ত তথ্য অনুসৰি, বিৰাট কোহলীয়ে পুনৰ আৰ চি বিৰ অধিনায়কত্ব গ্ৰহণ কৰিব বিচাৰে । যাৰ বাবে ফাফকো মুকলি কৰিব পাৰে ফ্ৰেঞ্চাইজিয়ে ।
এতিয়ালৈকে আই পি এলত ৰিটেনচন লাভ কৰা অধিনায়কসকল
আই পি এলৰ ইতিহাসত এতিয়ালৈকে গৌতম গম্ভীৰ আৰু কে এল ৰাহুলৰ দৰে বহু কেইগৰাকী অধিনায়কক তেওঁলোকৰ ফ্ৰেঞ্চাইজিয়ে মুকলি কৰি দিছে । আই পি এল 2011 ত দিল্লী ডেয়াৰডেভিলছে গৌতম গম্ভীৰক মুকলি কৰাৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাৱে কুমাৰ ছাংগাকাৰা আৰু ডেক্কান চাৰ্জানে মুকলি কৰিছিল এডাম গিলক্ৰিষ্টক ৷
আই পি এল 2016 ত কিংছ ইলেভেন পঞ্জাৱে জৰ্জ ভেলীক মুকলি কৰিছিল । পৰৱৰ্তী সময়ত আই পি এল 2018 ত কলকাতা নাইট ৰাইডাৰ্ছে গৌতম গম্ভীৰ আৰু কিংছ ইলেভেন পঞ্জাৱে গ্লেন মেক্সৱেলক মুকলি কৰি দিছিল ।
তাৰপিছত ক্ৰমে আই পি এল 2020 ত কিংছ ইলেভেন পঞ্জাৱে ৰবিচন্দ্ৰন অশ্বিনক, 2021 ত ৰাজস্থান ৰয়েলছে ষ্টিভ স্মিথক, 2022 ত ছানৰাইজাৰ্ছ হায়দৰাবাদে ডেভিদ ৱাৰ্ণাৰক আৰু চলিত ছিজনত কিংছ ইলেভেন পঞ্জাৱে কে এল ৰাহুলক মুকলি কৰে ।
পঞ্জাৱ কিংছে আই পি এল 2023 ত ময়ংক আগৰৱালাক, চলিত ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদে কেন উইলিয়ামছনক মুকলি কৰিছিল । আই পি এল 2024 ত গুজৰাট টাইটানছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক মুকলি কৰে ৷
অৱশ্যে গুজৰাটে এয়া কৰিব বিচৰা নাছিল যদিও মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক তেওঁলোকৰ সৈতে সংযুক্ত কৰিছিল ৷ এতিয়া এই বছৰো যদি এটা ফ্ৰেঞ্চাইজিয়ে অধিনায়কক ৰিটেন নকৰাৰ লগতে মুকলি নকৰে, তেন্তে ইয়াত কোনো ডাঙৰ কথা নাথাকিব ।
লগতে পঢ়ক:আই পি এল 2025 ৰ বাবে ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা সম্ভাৱ্য খেলুৱৈসকল