স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ:নৱেম্বৰৰ শেষত অথবা ডিচেম্বৰৰ আৰম্ভণিতে আই পি এল 2025 ৰ বাবে মেগা নিলাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে ফ্ৰেঞ্চাইজিসমূহেও আৰম্ভ কৰিছে প্ৰস্তুতি । কিন্তু বৰ্তমান সময়ত সকলো ফ্ৰেঞ্চাইজিয়ে কেৱল খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিছে ৷ কিয়নো এই প্ৰক্ৰিয়া বাহাল থাকিব 31 অক্টোবৰলৈকেহে ।
ময়ংক যাদৱৰ ওপৰত হ’ব ধনৰ বৰষুণ
বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ টি-20 ত দৰ্শনীয় অভিষেক ঘটোৱা 22 বছৰীয়া ময়ংক যাদৱৰ ওপৰত মেগা নিলামত ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ মেগা নিলামৰ পূৰ্বেই ক্ৰিকেটাৰগৰাকীক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে(এল এছ জি) দলত অন্তৰ্ভুক্ত কৰোৱাৰ সম্ভাৱনা আছে ।
আই পি এল ৰিটেনচনৰ নিয়ম অনুসৰি, ময়ংক যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ বাবেই তেওঁক ‘আনকেপ্ড প্লেয়াৰ’ ৰ পৰা ‘কেপ্ড প্লেয়াৰ’ লৈ উন্নীত কৰিছে ৷ যাৰ বাবে খেলুৱৈগৰাকীয়ে মেগা নিলামত বিশাল ধনৰাশি লাভ কৰাৰ সম্ভাৱনা আছে ৷
আনহাতে, এই নিলামৰ পূৰ্বে যদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰে, তেন্তে তেওঁ কমেও 11 কোটি টকা লাভ কৰিব ৷
কেপ কৰা খেলুৱৈৰ ৰিটেনচন মূল্য