অসম

assam

ETV Bharat / sports

IPL 2024 ৰ পইন্ট টেবুলৰ শীৰ্ষত কোন ? অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত আছে কোন কোন ? - IPL 2024 - IPL 2024

IPL 2024: ২০২৪ চনৰ IPL ত ৭০খন লীগ মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ৩৪ খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰ পাচত কোৱালিফায়াৰ পৰ্যায়ৰ চাৰিখন মেচ অনুষ্ঠিত হ’ব । প্ৰায় আধা সংখ্যক মেচৰ পাচত পইণ্ট টেবুলৰ অৱস্থা কি আৰু ছিক্সাৰ কিং কোন সেই বিষয়ে জানি লওক....

IPL 2024
IPL POINTS TABLE

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 1:10 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল:অনুৰাগী সকলে IPL 2024 ৰ মেচ সমূহ এক সুন্দৰ ৰূপত উপভোগ কৰিছে । এতিয়ালৈকে কেবাখনো উত্তেজনাপূৰ্ণ মেচ দেখা গৈছে IPL 2024-ত । বৰ্তমানলৈকে ৩৪ খন মেচ খেলা হৈছে আৰু ফাইনেললৈকে ৭৪ খন মেচ অনুষ্ঠিত হ’ব । কোৱালিফায়াৰ পৰ্যায়ত চাৰিখন খেল অনুষ্ঠিত হ’ব । প্ৰায় আধা সংখ্যক মেচ সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ পইণ্ট টেবুলত নিজৰ স্থান উন্নত কৰাত ব্যস্ত হৈ পৰিছে সকলো দল । ছিজনটোত এতিয়ালৈকে বহু ডাঙৰ অভিলেখ ভংগ হৈছে ।

পইণ্ট টেবুলৰ অৱস্থা কি ?

এই পৰ্যন্ত ৰাজস্থান ৰয়েলছ আই পি এল ২০২৪ শ্ৰেষ্ঠ হৈ পৰিছে । ৭ খন খেলৰ ভিতৰত ৬ খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ । অৱশ্যে ৰাজস্থানৰ অ’পেনিং বেটছমেন জয়ছোৱাল এতিয়াও ফৰ্মত অহা নাই ।

পইণ্ট তালিকাত ৬খন খেলৰ ভিতৰত ৪খন খেলত জয়লাভেৰে দ্বিতীয় স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ । আনহাতে চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, লক্ষ্ণৌ ছুপাৰজায়েণ্টছ পইন্ট তালিকাৰ ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ।

দিল্লী, মুম্বাই আৰু গুজৰাটে এতিয়ালৈকে ৭ খন খেলৰ ভিতৰত তিনিখনকৈ মেচত জয়লাভ কৰিছে । এই তিনিটা দল ক্ৰমে ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত আছে । পঞ্জাবে এতিয়ালৈকে ২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে আৰ চি বিয়ে ৭ খন মেচৰ ভিতৰত এখন মেচত জয়লাভ কৰি শেষ স্থানত আছে ।

ছিক্সাৰ কিং কোন ?

আই পি এলত এতিয়ালৈকে সৰ্বাধিক ছয়ৰ সংখ্যাৰ কথা ক’বলৈ গ’লে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেন হাইনৰিখ ক্লাচেনৰ সৰ্বাধিক ছয়ৰ সংখ্যা ২৪ টা । ইয়াৰ পিছতে লক্ষ্ণৌৰ বেটছমেন নিকোলাছ পুৰাণে ২০ টা ছয় কোবোৱাৰ বিপৰীতে ৰিয়ান পৰাগ আৰু সুনীল নাৰিনেয়ো ২০টাকৈ ছয়েৰে তৃতীয় আৰু চতুৰ্থ স্থানত আছে । হায়দৰাবাদৰ অভিষেক শৰ্মায়ো ১৮ টা ছয় কোবাইছে ।

কাৰ মূৰত বেঙুনীয়া ৰঙৰ টুপী আছে ?

বেঙুনীয়া ৰঙৰ টুপী (পাৰ্পল কেপ)ৰ কথা ক’বলৈ গ’লে ১৩ টা উইকেটৰে শীৰ্ষত আছে যশপ্ৰীত বুমৰাহ । সেয়ে বেঙুনীয়া ৰঙৰ টুপীটো লাভ কৰিছে বুমৰাহে । ১২টাকৈ উইকেটৰেদ্বিতীয় আৰু তৃতীয় স্থানত আছে মুম্বাই ইণ্ডিয়ানছৰ জেৰাল্ড ক’ট্জী আৰু ৰাজস্থানৰ যুজবেন্দ্ৰ চাহাল । চতুৰ্থ স্থানত থকা মুস্তাফিজুৰ ৰহমানে ১১ টা উইকেট সংগ্ৰহ কৰিছে ।

কাৰ মূৰত অৰেঞ্জ কেপ ?

অৰেঞ্জ কেপৰ কথা ক’বলৈ গ’লে ৩৬১ ৰানেৰে শীৰ্ষত আছে বিৰাট কোহলি । এই ছিজনতো তেওঁ শতকীয় ইনিংছ খেলিছে । ইয়াৰ পিছতে ৬৩.৬০ গড়ে ৩১৮ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে ৰিয়ান পৰাগ । মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন ৰোহিত শৰ্মাই ২৯৭ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত থকাৰ বিপৰীতে কে এল ৰাহুলে ২৮৬ ৰান আৰু সঞ্জু চেমছনে ২৭৬ ৰান সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক:দুৰ্বল বেটিং প্ৰদৰ্শনেই আৰ চি বিৰ পৰাজয়ৰ কাৰক: মিতালী ৰাজ - IPL 2024

ABOUT THE AUTHOR

...view details