স্প’ৰ্টছ ডেস্ক, ১ মে':মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ২৫ লাখ টকা আৰু ফ্ৰেঞ্চাইজিৰ খেলুৱৈসকলক তেওঁলোকৰ নিজ নিজ মেচ মাচুলৰ বাবদ ৬ লাখ বা ২৫ শতাংশ জৰিমনা বিহা হৈছে । কিয়নো দলটোৱে মঙলবাৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলৰ সময়ত লেহেমীয়া অভাৰ ৰেট বজাই ৰাখিছিল ।
মঙলবাৰে অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল লীগৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে ।
আই পি এলৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, "ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ৩০ এপ্ৰিলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ৰ ৪৮ নং মেচত লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক জৰিমনা বিহা হৈছে" ৷