চিৰাং,১৮ ফেব্ৰুৱাৰী:সুখী মানুহৰ দেশ ভূটানৰ গেলেফু চহৰত শনিবাৰে দেশখনৰ প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত গেলেফু ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামৰ উদ্বোধন কৰা হয় । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যুৱৰাজ তথা ভূটান অলিম্পিক সন্থাৰ সভাপতি জিগেল ওগিয়েন ওৱানচুক আৰু ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিলৰ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খাজাই ভূটানৰ পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে প্ৰথমখন ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচি ৰ স্বীকৃতিপ্ৰাপ্ত গেলেফু ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে ।
এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, আইচিচিৰ ডেভেলপমেন্ট জেনেৰেল মেনেজাৰ উইলিয়াম কেম্পবেল গ্লীনৰাইট, আইচিচিৰ ডেভেলপমেন্ট মেনেজাৰ (এচিয়া) মোঃ আমিনুল ইছলাম, ভূটানৰ ভাৰতীয় ৰাষ্ট্ৰদূত নীতিন ওয়েলাসহ বহু আমন্ত্ৰিত অতিথিসকল । আনুষ্ঠানিক উদ্বোধনৰ পিছত ক্ৰিকেট গ্ৰাউণ্ডত ভূটানৰ যুৱৰাজ তথা ভূটান অলিম্পিক সন্থাৰ সভাপতি জিগেল ওগিয়েন ওৱানচুক, আইচিচিৰ হৈ ডেপুটী চেয়াৰমেন ইমৰান হামিদ খাজা, বিটিচি প্ৰধান প্ৰমোদ বড়োসহ আইচিচিৰ অন্যান্য প্ৰতিনিধি সকলে হাতত বেট লৈ নৱনিৰ্মিত ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট খেলৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ।