স্পৰ্টছ ডেস্ক, 23 জুন : দেওবাৰে দক্ষিণ আফ্ৰিকাৰ মহিলা দলক 6 উইকেটত পৰাস্ত কৰি ভাৰতীয় মহিলা দলে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটো 3-0ৰ ব্যৱধানত দখল কৰে ৷ স্মৃতি মন্ধানাৰ দুৰ্দান্ত 90 ৰাণৰ ইনিংছ আৰু দলৰ বলিং ইউনিটৰ সামূহিক প্ৰচেষ্টাৰ বাবেই দক্ষিণ আফ্ৰিকাক হোৱাইটৱাছ কৰিবলৈ সক্ষম হয় ভাৰতীয় দল ৷
ভাৰতৰ অপেনাৰ মন্ধানাই আৰম্ভণিৰ পৰাই 216 ৰাণৰ লক্ষ্য সহজ কৰি তুলিছিল ৷ তেওঁ প্ৰথমে শ্বেফালী বাৰ্মাৰ (25) সৈতে 61 ৰাণৰ আৰম্ভণিৰ অংশীদাৰীত্ব তৈয়াৰ কৰিছিল ৷ ইয়াৰ পিচতে শ্বেফালী বাৰ্মা পেভিলিয়নলৈ উভতি গৈছিল ৷ ইয়াৰ পিচত আয়াবঙা খাকাই এম চিন্নাস্বামী ষ্টেডিয়ামত উইকেট লাভ কৰাৰ পূৰ্বে ৱান-ডাউন প্ৰিয়া পুনিয়াই 28 ৰাণৰ অৱদান আগবঢ়ায় ৷
ইয়াৰ পিচতে অধিনায়ক হৰমনপ্ৰীতে এটা মূৰৰ পৰা কিছু উজ্জ্বল ষ্ট্ৰ’ক মাৰি থকা স্মৃতিৰ সৈতে যোগদান কৰে ৷ স্মৃতিয়ে মাত্ৰ 10 ৰাণৰ বাবে শতক বঞ্চিত হয় ৷ এই শতক অৰ্জন কৰিবলৈ সক্ষম হোৱাহেতেন তেওঁ কিংবদন্তি মিতালী ৰাজক অতিক্ৰম কৰি এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন (মহিলা) হিচাপে পৰিগণিত হ’লহেঁতেন ৷
হৰমনপ্ৰীত (42) আৰু জেমিমা ৰড্ৰিগজে (19 নট আউট) ভাৰতক এক দৃঢ় অংশীদাৰিত্বৰ সৈতে জয়ৰ পথলৈ লৈ যায় ৷ ৰিচা ঘোষে লং অনত এটা ছয়ৰ সৈতে খেলখন ষ্টাইলত সমাপ্ত কৰিছিল আৰু 40.4 অভাৰত ভাৰতীয় দল বিজয় লক্ষ্যত উপনীত হয় ৷