অসম

assam

ETV Bharat / sports

একেদিনাই অনুষ্ঠিত হ’ব টীম ইণ্ডিয়াৰ দুখনকৈ মেচ; কেনেদৰে কৰিব উপভোগ

IND Men and Womens Cricket team: বুধবাৰে টীম ইণ্ডিয়াৰ দুখনকৈ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব ৷ পিছে এয়া কেনেকৈ সম্ভৱ ?

By ETV Bharat Sports Team

Published : 4 hours ago

T20 CRICKET
ভাৰতৰ মহিলা আৰু পুৰুষ ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ:ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বিশেষ দিন হিচাপে পৰিচিত হ’ব বুধবাৰৰ দিনটো ৷ কিয়নো এই দিনটোত অনুষ্ঠিত হ’ব দুখনকৈ গুৰুত্বপূৰ্ণ মেচ ৷

আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ৰ তৃতীয়খন মেচত ভাৰতীয় মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হ’ব ৷ আনহাতে, সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে টি 20 শৃংখলাৰ দ্বিতীয়খন মেচ বাংলাদেশৰ বিৰুদ্ধে খেলিব ।

ভাৰতীয় মহিলা দলৰ অতিকৈ গুৰুত্বপূৰ্ণ এই মেচ

আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ৰ 12 নং মেচখনত ভাৰতৰ মুখামুখি হ’ব শ্ৰীলংকা ৷ এই মেচখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ ভাৰতীয় সময় অনুসৰি, বুধবাৰে সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন ।

সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি থকা আই চি চি মহিলা টি 20 বিশ্বকাপত ভাৰতীয় দলটোৰ এয়া তৃতীয়খন মেচ । প্ৰথমখন মেচত নিউজিলেণ্ডে ভাৰতক 58 ৰাণত পৰাস্ত কৰিছিল ৷ আনহাতে, দেওবাৰে দ্বিতীয়খন খেলত ভাৰতীয় মহিলা দলটোৱে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 6 উইকেটত পৰাস্ত কৰে ৷ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভৰ বাবে যিকোনো প্ৰকাৰে ভাৰতে বুধবাৰৰ মেচখনত জয়ী হোৱাতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

পুনৰ মুখামুখি ভাৰত-বাংলাদেশ

আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজত 6 অক্টোবৰৰ পৰা আৰম্ভ হৈছে তিনিখন মেচৰ টি 20 শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে ৷ শৃংখলাৰ দ্বিতীয়খন মেচ বুধবাৰে ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব ৷ বুধবাৰৰ এই মেচখনত ভাৰতে শৃংখলা দখলৰ হকে খেলপথাৰত নামিব ৷ বিপৰীতে বাংলাদেশে শৃংখলাত সমতা স্থাপন কৰিবলৈ চেষ্টা চলাব ৷ ভাৰতীয় সময় মতে, বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা মেচখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হ'ব ।

কেনেদৰে উপভোগ কৰিব মেচ দুখনৰ পোনপটীয়া সম্প্ৰচাৰ

আই চি চি মহিলা টি 20 বিশ্বকাপৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ আনহাতে, মেচখনৰ লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ হ'ব ।

আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি 20 মেচ ভাৰতৰ স্প’ৰ্টছ 18 নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ ক্ৰিকেট অনুৰাগীসকলে জিঅ’ চিনেমাত এই মেচখনৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক:দ্বিতীয় টি 20 মেচৰ পূৰ্বে ৰাজধানী দিল্লীত উপস্থিত টীম ইণ্ডিয়া; ক’লা চানগ্লাছ পৰিধান কৰি বীৰৰ দৰে প্ৰৱেশ

ABOUT THE AUTHOR

...view details