অসম

assam

ইউ এছ অপেন গ্ৰেণ্ড শ্লেমৰ ইতিহাসত খিতাপ জয়ী ভাৰতীয়সকল কোন ? চাওক এক বিশ্লেষণ - US OPEN 2024

By ETV Bharat Sports Team

Published : Aug 26, 2024, 7:48 PM IST

US Open grand slam: সোমবাৰৰে পৰা আৰম্ভ হৈছে বছৰটোৰ অন্তিম গ্ৰেণ্ডশ্লেম প্ৰতিযোগিতা ইউ এছ অপেন 2024 ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈগৰাকী হৈছে সুমিত নাগালে ৷ পূৰ্বে বহু কেইগৰাকী ভাৰতীয়ই এই ইভেণ্টত অংশগ্ৰহণ কৰি খিতাপ দখল কৰিছে ৷ সেইসকল খেলুৱৈ কোন ?

US OPEN 2024
ইউ এছ অপেনৰ ট্ৰফী (AP)

স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট:বছৰটোৰ অন্তিমখন গ্ৰেণ্ড শ্লেম ইউ এছ অপেন সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে টেনিছ অনুৰাগীসকল ৷ ক’ৰ্টত প্ৰিয় টেনিছ খেলুৱৈসকলৰ ছন্দত মন্ত্ৰমুগ্ধ হ’ব দৰ্শকৰ আসনত থকা অনুৰাগীসকল ।

বিগত বছৰবোৰত ইউ এছ অপেনত বহুকেইগৰাকী টেনিছ তাৰকাই আকাংক্ষিত খিতাপ দখল কৰি সুনাম অৰ্জন কৰা দেখা গৈছে । ভাৰতীয় টেনিছ কিংবদন্তী লিয়েণ্ডাৰ পেজ, ছানিয়া মিৰ্জা আৰু মহেশ ভূপতিয়ে 10 বাৰকৈ দখল কৰিছে এই মেগা ইভেণ্টৰ ট্ৰফী ৷ ইউ এছ অপেনত ভাৰতীয়সকলে অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • লিয়েণ্ডাৰ পেজ

টেনিছ জগতৰ অন্যতম সফল খেলুৱৈ লিয়েণ্ডাৰ পেজে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত 5 টা বিভিন্ন ইভেণ্টত সফলতাৰ সোৱাদ লৈছে । 18 বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন লিয়েণ্ডাৰ পেজে 2006 চনত চেক মাৰ্টিন ডামৰ সৈতে প্ৰথমবাৰৰ বাবে ইউ এছ অপেনত পুৰুষৰ দ্বৈত শাখাত খিতাপ জয় কৰে ৷ পেজ-ডামৰ যুটীটোৱে বজোৰ্কমেন আৰু মিৰ্নিক 6-7, 6-4, 6-3 ছেটত পৰাস্ত কৰে ।

লিয়েণ্ডাৰ পেজ (AFP)

পৰৱৰ্তী সময়ত পেজে 2008 চনত জিম্বাব’ৱেৰ কাৰা ব্লেকৰ সৈতে হুবাৰ-মুৰেক 7-6(8-6), 6-4 ছেটত পৰাস্ত কৰি মিক্সড ডাবলছৰ খিতাপ জয় কৰে । পেছ আৰু সংগী লুকাছ ডলুহীয়ে পিছৰ বছৰত পুৰুষৰ ডাবলছত খিতাপ দখল কৰে ৷ পেছ-ডলুহীয়ে প্ৰাক্তন সতীৰ্থ ভূপতি আৰু নোলছক 3-6, 6-3, 6-2 ছেটত পৰাস্ত কৰে ।

  • ছানিয়া মিৰ্জা

লাখ লাখ ভাৰতীয়ক টেনিছ খেলিবলৈ অনুপ্ৰাণিত কৰা মহিলা খেলুৱৈ ছানিয়া মিৰ্জাই 2014 চনৰ মিক্সড ডাবলছ শাখাত প্ৰথমবাৰৰ বাবে ইউ এছ অপেনৰ খিতাপ জয় কৰে ৷ মাত্ৰ এঘণ্টাতে এবিগেল স্পিয়াৰ্ছ আৰু ছাণ্টিয়াগো গঞ্জালেজক 6-1, 2-6 (11-9) ছেটত পৰাস্ত কৰে ছানিয়াই । এয়া টেনিছ তাৰকাগৰাকীৰ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম আছিল । অপ্ৰতিৰোধ্য ছানিয়াই মাৰ্টিনা হিংগিছৰ সৈতে যুটী বান্ধি মহিলাৰ দ্বৈত শাখাত কে চি ডেলাকুৱা আৰু য়াৰোশ্লাভা শ্বেড’ভাক 6-3, 6-3 ত পৰাস্ত কৰি 2015 চনত পুনৰ ইউ এছ অপেনৰ খিতাপ জয় কৰে ৷

ছানিয়া মিৰ্জা (AFP)
  • মহেশ ভূপতি

মহেশ ভূপতি 1999 চনত ভাৰতৰ প্ৰথমগৰাকী ইউ এছ অপেনৰ খিতাপ বিজয়ীত পৰিণত হয় ৷ যাৰ বাবে সতীৰ্থ ভাৰতীয়সকলেও খেলুৱৈগৰাকীৰ পৰা উৎসাহ লাভ কৰি টেনিছৰ ইতিহাসত গ্ৰেণ্ড শ্লেম অৰ্জনকাৰী দেশৰ তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰাত সহায় কৰে ৷ জাপানৰ আই চুগিয়ামাৰ সৈতে যুটী বান্ধি আমেৰিকাৰ কিম্বাৰ্লি প’ আৰু ডনাল্ড জনছনৰ যুটীৰ বিৰুদ্ধে ফাইনেলত 6-4, 6-4 ছেটত জয়লাভ কৰে ।

মহেশ ভূপতি (AFP)

তদুপৰি সকলো প্ৰত্য়াহ্বান নেওচি বেলাৰুছৰ সংগী মেক্স মিৰ্নিৰ সৈতে পুৰুষৰ দ্বৈত শাখাত টেনিছ জগতৰ বাঘা বাঘা খেলুৱৈক ক’ৰ্টত পৰাস্ত কৰে ৷ 2002 চনত পুনৰ এবাৰ ইউ এছ অপেনৰ খিতাপ দখল কৰে ভূপতিয়ে ৷ পৰৱৰ্তী 2005 চনত মিক্সড ডাবলছ শাখাত শ্ল’ভাক তাৰকা ডেনিয়েলা হাণ্টুচ’ভাৰ সৈতে যুটী বান্ধি ইউ এছ অপেনত তেওঁৰ দ্বিতীয়টো মিক্সড ডাবলছৰ খিতাপ জয় কৰে ।

লগতে পঢ়ক:ক্ৰিকেটত নিষিদ্ধ হোৱাৰ দিশে এইগৰাকী ক্ৰিকেটাৰ: হত্যাত জড়িত থকাৰ অভিযোগ - SHAKIB AL HASAN ACCUSED OF MURDER

ABOUT THE AUTHOR

...view details