স্প’ৰ্টছ ডেস্ক, ৩ জুলাই :সমগ্ৰ দেশে টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটো স্বদেশলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে । কিন্তু দলটোৰ এই ওভতনিৰ সময়ৰ অপেক্ষা নিৰন্তৰভাৱে বাঢ়ি আহিছে । টীম ইণ্ডিয়াই বুধবাৰে সন্ধিয়া দিল্লী আহি পোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ব । কিয়নো বেয়া বতৰৰ বাবে দলটোৰ বাৰ্বাডোজৰ পৰা প্ৰস্থানৰ সময় আৰু বিলম্ব হৈছে । এতিয়া বৃহস্পতিবাৰে পুৱা ৬ বজাত তেওঁলোকৰ বিশেষ বিমানখনে নতুন দিল্লীত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে ।
আনহাতে, এএনআয়ে প্ৰকাশ কৰা এটা ভিডিঅ'ত ভাৰতীয় দলটোক বিশেষ চাৰ্টাৰ্ড বিমানখনত উঠি থকা দেখা গৈছে ।
অৱশেষত প্ৰতীক্ষাৰ অন্ত পেলাই টীম ইণ্ডিয়াই বাৰ্বাডোজৰ পৰা দিল্লীলৈ এক বিশেষ 'চেম্পিয়ন' এয়াৰ ইণ্ডিয়া ব'য়িঙেৰে উৰা মাৰিব । বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত ৰাজধানী দিল্লীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে । বিশেষ চাৰ্টাৰ ফ্লাইট ব'য়িং 777-232 (কে আৰ) বিমানখনৰ বিশেষ নাম দিয়া হৈছে- AIC24WC, অৰ্থাৎ 'এয়াৰ ইণ্ডিয়া চেম্পিয়নছ 24 বিশ্বকাপ' (Air India Champions 24 World Cup) ৷
এই বিমানখনে ২ জুলাইত নিউ জাৰ্চীৰ নেৱাৰ্ক লিবাৰ্টী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰে আৰু স্থানীয় সময় অনুসৰি পুৱা ২.০৩ বজাত বাৰ্বাডোজত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে । আনহাতে, তাৰ পৰা দিল্লী পাবলৈ 16 ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব ৷