অসম

assam

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দিলীপ ট্ৰফীত অংশগ্ৰহণৰ সম্ভাৱনা - DULEEP TROPHY

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 1:28 PM IST

Ind vs Ban test: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে দিলীপ ট্ৰফীত খেলিবলৈ দেখা পোৱা যাব পাৰে ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

DULEEP TROPHY
বিৰাট কোহলী আৰু ৰোহিত শৰ্মা (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 12 আগষ্ট: টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে দিলীপ ট্ৰফীত খেলাৰ সম্ভাৱনা আছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাৰতীয় ক্ৰিকেট দলৰ এই দুয়োগৰাকী অভিজ্ঞ খেলুৱৈক ১৩ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে দিলীপ ট্ৰফীত খেলা দেখিবলৈ পোৱা যাব ৷

ইয়াৰ লগতে বহুতো সংবাদ মাধ্যমৰ প্ৰতিবেদনত ৰোহিত আৰু কোহলীৰ উপৰিও দিলীপ ট্ৰফীত আন ভাৰতীয় ক্ৰিকেটাৰসকলৰো অংশগ্ৰহণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷

এই খেলুৱৈসকলেৰো অংশগ্ৰহণৰ সম্ভাৱনা

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ লগতে বি চি চি আইয়ে(ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড) শুভমন গীল, কে এল ৰাহুল, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ আৰু কুলদীপ যাদৱকো খেলিবলৈ পৰামৰ্শ দিছে ৷ কেন্দ্ৰীয় চুক্তি তথা দলৰ পৰা বাদ পৰা বাওঁহতীয়া বিস্ফোৰক বেটছমেন ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰকো দিলীপ ট্ৰফীত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে ৷

এই প্ৰতিযোগিতাখনত ভাৰতৰ এ, বি, চি, ডি দলে অংশগ্ৰহণ কৰিব ৷ প্ৰতিযোগিতাৰ প্ৰথম আৰু আৰম্ভণিৰ পৰ্যায়টো বেংগালুৰুত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে দিলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে যশপ্ৰীত বুমৰাহ ৷

এইসকল তাৰকা খেলুৱৈ বাদ পৰাৰ সম্ভাৱনা

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেক দিলীপ ট্ৰফীৰ পৰা বাদ দিয়াৰ সম্ভাৱনা আছে ৷ এটা সময়ত চেতেশ্বৰ পূজাৰা আৰু ৰাহানে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ দলটোৰ মুখ্য খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল ৷ এতিয়া তেওঁলোকে ভাৰতীয় দলত সুযোগ নাপাব পাৰে, কিয়নো বি চি চি আইয়ে এইক্ষেত্ৰত বিচাৰিছে নতুন মুখ ৷ এনে অৱস্থাত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰ দলৰ পৰা বাদ পৰাৰ সম্ভাৱনা অধিক ৷

লগতে পঢ়ক:'ভাৰত নাহিলেও কোনো আপত্তি নাই': চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে প্ৰাক্তন স্পিনাৰ বিস্ফোৰক মন্তব্য - Champions Trophy 2025

ABOUT THE AUTHOR

...view details