বিশেষ প্ৰতিবেদন, ২৩ জুলাই :পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকত ভাৰতৰ হৈ বিভিন্ন বিভাগত একাধিক খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব । এইবাৰ ভাৰতীয় দলটোত আছে ১১৭ গৰাকী খেলুৱৈ । কিন্তু তাৰ মাজতে জানি আচৰিত হ'ব যে কেইবাগৰাকীও ভাৰতীয় বংশোদ্ভৱ খেলুৱৈয়েও তেওঁলোকে নাগৰিকত্ব গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ হৈ পেৰিছ গেমছত অংশগ্ৰহণ কৰিব । কোন কোন ভাৰতীয় বংশোদ্ভৱ খেলুৱৈয়ে কোন ৰাষ্ট্ৰৰ হৈ অংশগ্ৰহণ কৰিব এবাৰ চাওঁ আহক ।
ৰাজীৱ ৰাম (টেনিছ, আমেৰিকা, মূল কৰ্ণাটক)
সম্ভৱত এই তালিকাৰ আটাইতকৈ প্ৰখ্যাত খেলুৱৈগৰাকী হৈছে আমেৰিকান টেনিছ খেলুৱৈ ৰাজীৱ ৰাম । ৪০ বছৰীয়া ৰামৰ পিতৃ-মাতৃয়ে ভাৰতৰ বাংগালুৰুৰ পৰা প্ৰব্ৰজিত হৈছিল আৰু তেওঁৰ জন্ম আমেৰিকাৰ ডেনভাৰত । শৈক্ষিকভাৱে অতি প্ৰখৰ ৰামৰ মাতৃ সুষমা বৈজ্ঞানিক টেকনিচিয়ান হিচাপে নিযুক্ত আছিল । আনহাতে, তেওঁৰ পিতৃ ৰাঘৱ এগৰাকী উদ্ভিদবিজ্ঞানী । অগ্ন্যাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ 2019 চনৰ এপ্ৰিলত মৃত্যু হয় । অৱশ্যে তাৰ মাজতে ৰামে টেনিছ খেলৰ প্ৰতি এক অগতানুগতিক সিদ্ধান্ত গ্ৰহণ কৰে ।
ভাৰতীয়-আমেৰিকান ৰাজীৱ ৰামে ৩৪ বছৰ বয়সত ২০১৯ চনৰ অষ্ট্ৰেলিয়ান অপেনৰ মিক্সড ডাবলছত ৰূপৰ পদক হিচাপে প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছিল । তাৰ পৰৱৰ্তী বছৰবোৰত তেওঁ আৰু পাঁচটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে । সেইবোৰৰ ভিতৰত এটা হৈছে ব্ৰিটেইনৰ জো চেলিচবাৰীৰ সৈতে মিক্সড ডাবলছত আৰু চাৰিটা পুৰুষৰ ডাবলছত । একক আৰু দ্বৈতত মুঠ নটা ৰাষ্ট্ৰীয় জুনিয়ৰ খিতাপো ৰামৰ নামত আছে । তেওঁ কাৰমেলত হাইস্কুল টেনিছ খেলিছিল আৰু ৰাজ্যিক একক চেম্পিয়ন হৈ অল-ষ্টেট সন্মান অৰ্জন কৰিছিল । একক আৰু দ্বৈতত মুঠ নটা ৰাষ্ট্ৰীয় জুনিয়ৰ খিতাপ আছে ৰাজীৱ ৰামৰ নামত ।
শান্তি পেৰেৰা (এথলেটিকছ, ছিংগাপুৰ, মূলত কেৰালা)
ছিংগাপুৰৰ স্প্ৰিণ্ট কুইন হিচাপে অভিহিত ভেৰোনিকা শান্তি পেৰেৰা মূলত কেৰালাৰ । তেওঁৰ ককাক-আইতাক তিৰুৱন্তপুৰমৰ ওচৰৰ ভেট্টুকাদ চহৰৰ পৰা ছিংগাপুৰলৈ যায় । কিন্তু শান্তিৰ ককাকে ছিংগাপুৰত নিযুক্তি লাভ কৰাৰ পিচত তেওঁলোকে ভাৰত ত্যাগ কৰি ছিংগাপুৰৰ নাগৰিকত্ব গ্ৰহণ কৰে ।
যোৱা বছৰ মহিলাৰ 100 মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰূপৰ পদক দখলৰ লগতে পেৰেৰাই এই ইভেণ্টত ছিংগাপুৰৰ পদকৰ বাবে 49 বছৰৰ অপেক্ষাৰ অন্ত পেলাইছিল । তেওঁ ছিংগাপুৰ ক্ৰীড়া বিদ্যালয়ত নামভৰ্তি কৰাৰ পিচত ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াত অভিলেখ স্থাপন কৰিছিল । 2009 চনত তেওঁ থাইলেণ্ড স্পৰ্টছ স্কুল গেমছত 4x400 মিটাৰ ৰিলে দৌৰত শীৰ্ষস্থান দখল কৰাৰ সময়ত তেওঁ বিদ্যালয়ৰ অনূৰ্ধ্ব-14 ৰিলে দলটোক নেতৃত্ব প্ৰদান কৰিছিল ।
পেৰেৰাই ইতিমধ্যে কেইবাটাও অভিলেখ গঢ়িছে । ইয়াৰ ভিতৰত আছে এছ ই এ গেমছত 22.69 ছেকেণ্ডত 200 মিটাৰ ৰেকৰ্ড আৰু এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত 22.70 ছেকেণ্ডত ৰেকৰ্ড । 2014 চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মাজৰ সময়ছোৱাত তেওঁ বিশ্বজুৰি মুঠ ছয়টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে । তেওঁৰ এই সফলতাবোৰৰ বাবে তেওঁক ছিংগাপুৰৰ স্প্ৰিণ্ট কুইন হিচাপে অভিহিত কৰা হৈছে ।
২০১৫ চনৰ এছ ই এ গেমছত ২০০ মিটাৰত পেৰেৰাই ঐতিহাসিক সোণৰ পদক অৰ্জন কৰিছিল আৰু এই সফলতাই তেওঁক ৰাষ্ট্ৰীয় খ্যাতিলৈ লৈ গৈছিল । তেওঁ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি 23.60 ছেকেণ্ড সময়ত নতুন ইতিহাস ৰচনা কৰিছিল । ইয়াৰ দ্বাৰা নিজৰ লগতে ছিংগাপুৰৰ বাবেও এক স্মৰণীয় মুহূৰ্ত তেওঁ উপহাৰ দিছিল । কিয়নো এই গেমছত মহিলাৰ ২০০ মিটাৰ স্প্ৰিণ্ট ইভেণ্টত ৪২ বছৰ পিচত দেশখনে স্বৰ্ণ পদক অৰ্জন কৰিছিল । কিন্তু 2015 চনৰ সফলতাৰ পিচত পেৰেৰাই সুদীৰ্ঘ ৭ বছৰ ধৰি পদক জয় নকৰাকৈ অতিবাহিত কৰিবলগা হৈছিল ।
এই সময়ছোৱাত তেওঁ আঘাতৰ সমস্যাত ভুগিছিল, লাভ কৰা বৃত্তি হেৰুৱাইছিল আৰু আত্মবিশ্বাসৰ অভাৱ ঘটিছিল । কিন্তু 2022 চনত পেৰেৰাই এছ ই এ গেমছত বিজয়সূচক প্ৰত্যাৱৰ্তন কৰিছিল । তেওঁ 23.52 ছেকেণ্ডত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি 2015 চনত তেৱেঁই প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিছিল । তেওঁ পুনৰ ২০২৩ চনত এই খিতাপ নিজৰ দখলত ৰাখিছিল ।
প্ৰীতিকা পাৱাড়ে (টেবুল টেনিছ, ফ্ৰান্স, মূলত পুডুচেৰী)
টেবুল টেনিছ খেলুৱৈ প্ৰীতিকাৰ পিতৃ পুডুচেৰীত ডাঙৰ-দীঘল হৈছিল । তেওঁ ২০০৩ চনত বিবাহপাশত আবদ্ধ হয় আৰু পেৰিছলৈ গুচি যায় । এবছৰ পিচত ফ্ৰান্সৰ ৰাজধানীত প্ৰীতিকাৰ জন্ম হয় । টেবুল টেনিছ খেলুৱৈ প্ৰীতিকাৰ পিতৃয়ে প্ৰথমে তেওঁক ছয় বছৰ বয়সতে এই খেলৰ সৈতে পৰিচয় কৰাই দিয়ে । মাত্ৰ ১৬ বছৰ বয়সত তেওঁ টকিঅ'ত প্ৰথম অলিম্পিক গেমছত অংশগ্ৰহণ কৰে । পৰিৱেশ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰি থকা ১৯ বছৰীয়া যুৱতীগৰাকীয়ে মহিলাৰ একক, মহিলাৰ দ্বৈত আৰু মিক্সড ডাবলছ ইভেণ্টত দ্বাদশ স্থান লাভ কৰিছে । প্ৰীতিকা পাৱাড়ে ইতিমধ্যে টেবুল টেনিছৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ তালিকাত নিজকে সন্নিৱিষ্ট কৰিছে । ফ্ৰান্সৰ ছিনিয়ৰ চেম্পিয়ন তথা এইবাৰ প্ৰাকৃতিক বিজ্ঞানৰ প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকীয়ে তেওঁৰ দ্বিতীয় অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু পেৰিছ অলিম্পিকত তেওঁৰ সুনাম অনুসৰি প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে ।