অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ মাজতে ক্ৰিকেটাৰ ছৰফৰাজ খানৰ ঘৰলৈ নতুন আলহী

Indian Cricketer Sarfaraz khan: টীম ইণ্ডিয়াৰ যুৱ ক্ৰিকেটাৰ ছৰফৰাজ খানৰ ঘৰলৈ নতুন আলহীৰ আগমন ৷ ইয়াকে লৈ ক্ৰিকেটাৰগৰাকীৰ ঘৰত উখল-মাখল পৰিৱেশ ৷

SARAFARAZ KHAN BECOME FATHER
ছৰফৰাজ খান (x Screen shot)

By ETV Bharat Sports Team

Published : 4 hours ago

স্প’ৰ্টছ ডেস্ক:ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ মাজতে এক সুখবৰ ৷ টীম ইণ্ডিয়াৰ যুৱ বেটছমেন ছৰফৰাজ খানৰ ঘৰলৈ আগমন ঘটিছে নতুন আলহীৰ ৷ যাক লৈ এতিয়া সমগ্ৰ ঘৰখনতে দেখা গৈছে এক উখল-মাখল পৰিৱেশ ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত প্ৰথমখন টেষ্টত শতক অৰ্জন কৰা টীম ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ এইগৰাকী সদস্যৰ ঘৰলৈ আগমন ঘটিছে এটি দেৱশিশুৰ ৷ সোমবাৰে ক্ৰিকেটাৰগৰাকীৰ পত্নী ৰোমানা জহুৰে জন্ম দিয়ে এটি পুত্ৰ সন্তান ৷ পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত ক্ৰিকেটাৰগৰাকীয়ে সন্তানটিক কোলাত তুলি লোৱা দৃশ্য পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰে সামাজিক মাধ্যমত ৷

লগতে পঢ়ক:ইৰাণী কাপত ছৰফৰাজ খানৰ দ্বি-শতক অৰ্জন; নিৰ্বাচকমণ্ডলীক দিলে উচিত প্ৰত্যুত্তৰ - IRANI CUP 2024

ছৰফৰাজ খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ মাধ্যমেৰে অনুৰাগীক উদ্দেশ্যি শ্বেয়াৰ কৰে এই বিশেষ মুহূৰ্তৰ ফটো ৷ ক্ৰিকেটাৰগৰাকীৰ পত্নীক শেষবাৰৰ বাবে ছৰফৰাজৰ অভিষেকৰ সময়ত ষ্টেডিয়ামত উপস্থিত হৈ স্বামীক উৎসাহিত কৰা দেখা গৈছিল ৷ সেই খেলখনত ছৰফৰাজে সুন্দৰ বেটিং কৰি দুয়োটা ইনিংছতে অৰ্জন কৰিছিল অৰ্ধশতক ।

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত শতক অৰ্জন কৰাৰ পিছত লাভ কৰা এই খবৰে ক্ৰিকেটাৰগৰাকীৰ আনন্দ দুগুণে বৃদ্ধি কৰিছে ৷ যেতিয়া কিৱি বাহিনীৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰাম অব্যাহত আছিল, তেতিয়াই ছৰফৰাজ খানে দলক উপহাৰ দিছিল 150 ৰাণৰ এক সুন্দৰ ইনিংছ ৷ অৱশ্যে, টীম ইণ্ডিয়াই এই মেচখনত জয় লাভ কৰিব নোৱাৰিলে ৷

ছৰফৰাজে ইয়াৰ পূৰ্বে ইৰাণী কাপত অৰ্জন কৰিছিল দ্বি-শতক । লক্ষ্ণৌত অনুষ্ঠিত এই খেলখনত ছৰফৰাজৰ ভাতৃ মুছিৰ খানে পথ দুৰ্ঘটনাত পতিত হোৱাৰ বাবে অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল ৷

লগতে পঢ়ক:বেংগালুৰু টেষ্টত ছৰফৰাজ খানৰ প্ৰথমটো টেষ্ট শতক অৰ্জন, নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰাম অব্যাহত

ABOUT THE AUTHOR

...view details