অসম

assam

ETV Bharat / sports

শুভ জন্মদিন তানিয়া সচদেৱ: 38 বছৰত ভৰি দিলে ভাৰতীয় দবা খেলুৱৈগৰাকীয়ে - TANIA SACHDEV BIRTHDAY

Indian chess player Tania Sachdev: ভাৰতীয় দবা খেলুৱৈ তানিয়া সচদেৱে মঙলবাৰে উদযাপন কৰিছে 38 তম জন্মদিন । খেলুৱৈগৰাকীৰ ওপজাদিন উপলক্ষে তেওঁৰ সৈতে সম্পৰ্কিত কিছু তথ্যৰে সজোৱা হৈছে এই বিশেষ প্ৰতিবেদন ৷ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

TANIA SACHDEV BIRTHDAY
তানিয়া সচদেৱ (IANS PHOTO)

By ETV Bharat Sports Team

Published : Aug 20, 2024, 5:42 PM IST

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: ভাৰতীয় দবা খেলুৱৈ তানিয়া সচদেৱৰ আজি 38 তম জন্মদিন ৷ তানিয়া এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীৰ লগতে ভাৰতীয় দবা খেলৰ গ্লেমাৰ গাৰ্ল হিচাপে পৰিচিত ৷ প্ৰকৃতিয়ে তানিয়া সচদেৱক এই সকলোবোৰ গুণেৰে বিভূষিত কৰিছে ৷

কোনো খ্যাতনামা মডেল তথা নায়িকাতকৈ কম নোহোৱা এইগৰাকী দবা খেলুৱৈ খেলৰ মেজত প্ৰতিপক্ষৰ বাবে সমানে বিপদজনক হৈ পৰে ৷ প্ৰতিদ্বন্দ্বীৰ প্ৰতিটো পদক্ষেপৰে উপযুক্ত প্ৰত্যুত্তৰ দিয়াত সিদ্ধহস্ত এইগৰাকী খেলুৱৈ ।

তানিয়াই মঙলবাৰে উদযাপন কৰিছে 38 তম জন্মদিন । দৰাচলতে এই দবা খেলুৱৈসকলক কোনো পৰিচয়ৰ প্ৰয়োজন নাই । "মগজুৰ সৈতে সৌন্দৰ্য" সচদেৱৰ সৈতে খাপ খোৱা এটা বাক্যাংশ । ভাৰতীয় মহিলা দবাৰাণী হিচাপে খ্যাত এইগৰাকী খেলুৱৈয়ে আন্তৰ্জাতিক মাষ্টাৰ(আই এম) আৰু ফিমেল গ্ৰেণ্ডমাষ্টাৰ(ডব্লিউ জি এম) ৰ চূড়ান্ত খিতাপ ইতিমধ্যে দখল কৰিছে ।

খেলৰ সময়ত তানিয়া (IANS PHOTO)

তেওঁ 2006 আৰু 2007 চনত দুবাৰকৈ ভাৰতীয় মহিলা দবা চেম্পিয়ন, 2007 চনত এছিয়ান মহিলা দবা চেম্পিয়নৰো খিতাপ দখল কৰে । পৰৱৰ্তী সময়ত তানিয়াই ক্ৰমে 2016, 2018 আৰু 2019 চনত তিনিবাৰ আৰু বৰ্তমানৰ কমনৱেলথ মহিলা দবা চেম্পিয়ন হিচাপে খিতাপ দখল কৰা দেখা যায় ।

বৰ্তমান তেওঁ দবা খেলৰ বিষয়ত ব্যাখ্যাকাৰীৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে টেলিভিছনত উপস্থাপক-ভাষ্যকাৰ হিচাপেও দায়িত্ব নিৰ্বাহ কৰে ৷ তাৰ সমান্তৰালকৈ তানিয়া সামাজিক মাধ্যমতো যথেষ্ঠ সক্ৰিয় ৷ সামাজিক মাধ্যমত খেলুৱৈগৰাকীৰ আছে এক লাখ 60 হাজাৰতকৈও অধিক ফ’ল’ৱাৰ্ছ ।

1986 চনৰ 20 আগষ্টত দিল্লীত জন্মগ্ৰহণ কৰা সচদেৱক মাতৃ অঞ্জুৱে ছয় বছৰ বয়সতে খেলৰ সৈতে পৰিচয় কৰাই দিছিল । পিতৃ-মাতৃয়ে তানিয়াক এগৰাকী সক্ষম দবা খেলুৱৈ হিচাপে পৰিচিত কৰাই দিয়াৰ ক্ষেত্ৰত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷ তানিয়াই মাত্ৰ 8 বছৰ বয়সতে জীৱনৰ প্ৰথমটো আন্তৰ্জাতিক খিতাপ জয় কৰিবলৈ সক্ষম হয় ৷

তেওঁক প্ৰাৰম্ভিক বছৰবোৰত কে চি যোশীয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ শৈশৱত তানিয়াই বহুতো প্ৰতিযোগিতাত বিজয়ী হৈছিল ৷ তেওঁৰ কেৰিয়াৰৰ সফলতাৰ ভিতৰত আছে অনুৰ্ধ-12 ভাৰতীয় চেম্পিয়ন, 2000 চনত এছিয়ান অনুৰ্ধ-14 ছোৱালীৰ চেম্পিয়ন আৰু ছোৱালীৰ অনুৰ্ধ-12 বিভাগত 1998 চনৰ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰা ।

2002 চনত তানিয়াই মাৰ্ভিলাত অনুষ্ঠিত এছিয়ান জুনিয়ৰ গাৰ্লছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে । 2005 চনত সচদেৱ ফিমেল গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ লাভ কৰা অষ্টমগৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয় । তেওঁ 2006 আৰু 2007 চনত ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা প্ৰিমিয়াৰ দবা চেম্পিয়নশ্বিপৰো খিতাপ দখল কৰে ৷ 2007 চনত খেলুৱৈগৰাকীয়ে তেহৰাণত অনুষ্ঠিত মহিলা এছিয়ান দবা চেম্পিয়নশ্বিপত 9 টা ৰাউণ্ডৰ পৰা 61/2 পইণ্টৰ সৈতে খিতাপ দখল কৰিছিল ।

তানিয়া সচদেৱ (IANS PHOTO)

2009 চনত তানিয়া সচদেৱক প্ৰদান কৰা হয় অৰ্জুন বঁটা ৷ 2016 চনত সচদেৱে ৰেকজাভিক অপেনত শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰে আৰু কালুটাৰাত কমনৱেলথ মহিলা চেম্পিয়ন খিতাপ দখল কৰে । 2015 চনত সচদেৱে এছিয়ান কণ্টিনেণ্টেল মহিলা ৰেপিড চেছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকিছিল । তেওঁৰ নামত আছে আন বহুতো অভিলেখ ৷

দবা খেলৰ উপৰিও তানিয়াই নৃত্য, ৰেম্পৱাক, ফটোশ্বুট খুব ভাল পায় । দবা আৰু উপস্থাপক-ভাষ্যকাৰৰ উপৰিও এই গ্লেমাৰ গাৰ্লগৰাকী তেওঁৰ ধুনীয়া ফটোৰ বাবে অনুৰাগীসকলৰ মাজত প্ৰায়ে চৰ্চা লাভ কৰি থকা দেখা যায় ৷

লগতে পঢ়ক:সদৌ অসম আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ সফল সামৰণি: 150 ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ - INTER SCHOOL CHESS TOURNAMENT

ABOUT THE AUTHOR

...view details