স্পৰ্টছ ডেস্ক, ২৮ জুন :ভ্ৰমণৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ একমাত্ৰ টেষ্ট মেচখন শুকুৰবাৰৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ভাৰতৰ অধিনায়ক ৰমণপ্ৰীত সিঙে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্ত টীম ইণ্ডিয়াৰ প্ৰাৰম্ভিক যুটিটোৰ বাবে সফল প্ৰমাণিত হয় । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই অপেনিং যুটিত আৰম্ভণিৰে পৰা উৎকৃষ্ট বেটিং কৰে ।
ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মন্ধানাই নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখি টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰে । মন্ধানাই ১৯ টা চাৰিৰ সহায়ত ১২২ টা বলত শতক সম্পূৰ্ণ কৰে । এই শতকৰ সৈতে মন্ধানা ভাৰতৰ হৈ যুটীয়াভাৱে দ্বিতীয় সৰ্বাধিক শতক সংগ্ৰহকাৰী হয় । মন্ধানাই দুটা শতক অৰ্জন কৰা হেমলতা কালাৰ সৈতে সমতা স্থাপন কৰে । উল্লেখ্য, সন্ধ্যা আগৰৱালে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰিছে । তেওঁৰ নামত আছে ৪ টা শতক ।
মন্ধানাৰ সুন্দৰ ফৰ্ম অব্যাহত
ভাৰত ভ্ৰমণৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে স্মৃতি মন্ধানাৰ সুন্দৰ ফৰ্ম অব্যাহত আছে । মন্ধানাই বাংগালুৰুত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা প্ৰথম আৰু দ্বিতীয় এদিনীয়া মেচতো শতক অৰ্জন কৰিছিল । অৱশ্যে তেওঁ তৃতীয় এদিনীয়াত মাত্ৰ 10 ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয় আৰু 90 ৰাণত আউট হয় । এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একমাত্ৰ টেষ্টৰ প্ৰথম ইনিংছতো মন্ধানাই এক সুন্দৰ শতক অৰ্জন কৰে ।
শ্বেফালী বাৰ্মাৰ প্ৰথম শতক