স্প’ৰ্টছ ডেস্ক: ভাৰতে বুধবাৰে দক্ষিণ আফ্ৰিকাক 11 ৰাণত পৰাস্ত কৰি চাৰিখন মেচৰ টি-20 শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ কৰে । তিলক বাৰ্মাৰ অপৰাজিত 107 ৰাণ আৰু অভিষেক শৰ্মাৰ 50 ৰাণৰ সহায়ত ভাৰতে সংগ্ৰহ কৰে 219/6 ৰাণ । এণ্ডিল চিমেল আৰু কেশৱ মহাৰাজে দখল কৰে দুটাকৈ উইকেট ।
আনহাতে, মাৰ্কো জানছেনে দক্ষিণ আফ্ৰিকাৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি 17 টা বলত সংগ্ৰহ কৰে 54 ৰাণ ৷ কিন্তু নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ আয়োজক দলটোৰ বাবে সেয়া পৰ্যাপ্ত নাছিল ৷ ভাৰতৰ হৈ অৰ্শদীপ সিঙে নিজৰ দুৰ্দান্ত স্পেলৰ সহায়ত দখল কৰিছিল 3 টা উইকেট লৈছিল ।
এই খেলখনৰ সময়ত ভংগ হৈছিল বহুতো অভিলেখ ৷ যাৰ ভিতৰত দক্ষিণ আফ্ৰিকাত ভাৰতৰ সৰ্বাধিক টি-20 স্ক'ৰৰ অভিলেখ অন্যতম ।
দক্ষিণ আফ্ৰিকাত সৰ্বাধিক টি-20 স্ক'ৰ
ভাৰতে দক্ষিণ আফ্ৰিকাৰ মাটিত আটাইতকৈ চুটি ফৰ্মেটত সৰ্বাধিক স্ক'ৰ সংগ্ৰহৰ অভিলেখ গঢ়ে । দলটোৱে 17 বছৰ পুৰণি অভিলেখ ভংগ কৰে । ইয়াৰ আগতে সৰ্বাধিক স্ক'ৰ আছিল 218 ৰাণ, যিটো টি-20 বিশ্বকাপ 2007 ত ডাৰবানত ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল । এই খেলপথাৰখন ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে যুৱৰাজ সিঙে কোবোৱা সেই বিশেষ 6 টা ছয়ৰ বাবেও জনাজাত ।
শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ তিলক বাৰ্মা
তিলকে 7 টা ছয়ৰে 56 টা বলত অপৰাজিত 107 ৰাণৰ দৰ্শনীয় ইনিংছ খেলে ৷ এই ইনিংছটোৰ সৈতে বাওঁহতীয়া বেটছমেনগৰাকীয়ে 22 বছৰ 5 দিনত টি-20 ত শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈত পৰিণত হয় ৷
আনহাতে, যশস্ৱী জয়ছোৱালে 21 বছৰ 279 দিনত নেপালৰ বিৰুদ্ধে টি-20 ক্ৰিকেটত শতক অৰ্জন কৰি আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হৈছিল ।