স্পৰ্টছ ডেস্ক,৭ মাৰ্চ :ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । প্ৰথম দিনাই ভাৰতীয় স্পিনাৰ সন্মুখত বিধ্বাস্ত ইংলেণ্ডৰ বেটছমেন । প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ পূৰ্বেই মাত্ৰ ২১৮ ৰাণতে অলআউট হয় আলহী দলটো । একপ্ৰকাৰ ভাৰতীয় স্পিনাৰৰ দপদপনি দেখা গ'ল ধৰ্মশালাত । কিয়নো কুলদীপ যাদৱে ইংলেণ্ডৰ ৫ টাকৈ উইকেট দখল কৰে । একেদৰে আৰ অশ্বিনেও ৪ টা উইকেট লাভ কৰে আৰু জাদেজাই ১ টা উইকেট লাভ কৰে ।
উল্লেখ্য যে ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল । ইংলেণ্ডৰ হৈ ক্ৰাউলিয়ে সৰ্বাধিক ৭৯ ৰাণ কৰে । বেন ডাকেটে ২৭ ৰাণ, অলি পোপে ১১ ৰাণ আৰু জো ৰুটে ২৬ ৰাণ কৰিবলৈ সক্ষম হয় । একেদৰে জনি বেয়াৰষ্টোই ২৯ ৰাণ, ফ'কছে ২৪ ৰাণ, এছ বছিৰে ১১ ৰাণ আৰু হাৰ্টলিয়ে ৬ ৰাণ কৰে ।
ইয়াৰ বিপৰীতে প্ৰথম দিনাই ভাৰতে বেটিং কৰিবলৈ আহি দুয়োগৰাকী অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু জয়ছোৱালে ব্যক্তিগত অৰ্ধশতক কৰিবলৈ সক্ষম হয় । অৱশ্যে জয়ছোৱালে ৫৮ টা বলত ৫৭ ৰাণ কৰি আউট হয় । প্ৰথম দিনৰ শেষলৈ ক্ৰীজত ৰোহিত শৰ্মাই ৫২ ৰাণ আৰু শুভমন গিলে ২৬ ৰাণত বেটিং কৰি আছে । ভাৰতে এটা উইকেট হেৰুৱাই ১৩৫ ৰাণ সংগ্ৰহ কৰিছে ।
ধৰ্মশালাত চলি থকা পঞ্চম তথা শৃংখলাৰ অন্তিমখন টেষ্টত ভাৰতীয় দলত ১ টা পৰিৱৰ্তন আছে । এই খেলখনত ৰোহিত শৰ্মাই দেৱদত্ত পাডিক্কলক প্লেয়িং ১১ত সুযোগ দিছে । ভাৰতৰ হৈ দেৱদত্ত পাডিক্কলৰ এইখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট অভিষেক মেচ । এই খেলখনত ৰজত পাতিদাৰৰ স্থানত পদিক্কলক সুযোগ দিয়া হৈছে । এই শৃংখলাত বেয়া প্ৰদৰ্শনৰ বাবে পাতিদাৰ দলৰ পৰা বাহিৰ হোৱাৰ অনুমান কৰা হৈছে । এই শৃংখলাটোত পাডিক্কল ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰা পঞ্চম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।