অসম

assam

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে ৪৩৪ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়; যশস্বীৰ দ্বিশতক, জাদেজাৰ দখলত 5 উইকেট - Yashasvi Jaiswal

IND vs ENG Test series: ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ বৃহৎ জয় । একেটা শৃংখলাতে জয়ছোৱালে দ্বিতীয়বাৰৰ বাবে দ্বিশতক অৰ্জন কৰে । ৰবীন্দ্ৰ জাদেজাই ৫ টা উইকেট লাভ কৰে ।

IND vs ENG Test
ইংলেণ্ডৰ বিৰুদ্ধে ৪৩৪ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 1:26 PM IST

Updated : Feb 18, 2024, 5:51 PM IST

স্পৰ্টছ ডেস্ক,১৮ ফেব্ৰুৱাৰী:ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ ৪৩৪ ৰাণৰ ব্যৱধানত জয় । এই বিজয়ৰ সৈতে, ভাৰতীয় দলে ৫ খনীয়া টেষ্ট শৃংখলাত ২-১ ৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতে এই খেলখনত ইংলেণ্ডক জয়ৰ বাবে ৫৫৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । এই লক্ষ্যৰ পিছে পিছে ইংলেণ্ডৰ দলটো ৩৯.৪ অভাৰত মাত্ৰ ১২২ ৰাণতে অলআউট হয় । ৰাণৰ ক্ষেত্ৰত ভাৰতীয় দলৰ টেষ্ট ক্ৰিকেট ইতিহাসত এয়া আটাইতকৈ বৃহৎ বিজয় ।

ভাৰতে এই খেলখনৰ প্ৰথম ইনিংছত ৪৪৫ ৰাণ সংগ্ৰহ কৰিছিল । ইংলেণ্ড প্ৰথম ইনিংছত ৩১৯ ৰাণতে অলআউট হৈছিল । ভাৰতে দ্বিতীয় ইনিংছত ৪৩০ ৰাণ কৰি ইংলেণ্ডক বেটিঙৰ বাবে আহ্বান জনায় । ইংলেণ্ডক জয়ৰ বাবে ৫৫৭ ৰাণৰ লক্ষ্য দিছিল ভাৰতে । কিন্তু ইংলেণ্ডে এই স্ক'ৰৰ ওচৰ চাপিবলৈ সক্ষম নহ'ল । দলটো ১২২ ৰাণতে অলআউট হয় ।

ভাৰতৰ বিজয়ৰ ক্ষেত্ৰত দুজন নায়ক আছিল । জয়ছোৱাল আৰু ৰবীন্দ্ৰ জাদেজা । যি সময়ত জয়ছোৱালে অকলে ২১৪ ৰাণৰ বৃহৎ স্ক'ৰ কৰে । একেদৰে ৰবীন্দ্ৰ জাদেজাই দ্বিতীয় ইনিংছত ৫ টা উইকেট দখল কৰি খেলখনত দলটোক বিজয় সাব্যস্ত কৰাত সহায় কৰে ।

শুভমন গিল আৰু কুলদীপ যাদৱে ভাৰতৰ হৈ চতুৰ্থ দিনটো আৰম্ভ কৰিছিল । প্ৰথম অধিবেশনত গিলে ৯১ ৰাণ সংগ্ৰহ কৰাৰ পিচত ৰাণ আউট হয় । তাৰ পিচত ৰজত পাতিদাৰেও নিজৰ উইকেট হেৰুৱায় । কুলদীপ যাদৱে তৃতীয় উইকেটটো ২৭ ৰাণত হেৰুৱায় । আনফালে যশস্ৱী জয়ছোৱাল আৰু ছৰফৰাজ খানে আক্ৰমণ অব্যাহত ৰাখে । ছৰফৰাজ খানেও ৬৮ ৰাণৰ দ্ৰুত ইনিংছ খেলে । ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ৫৫৭ ৰাণৰ লক্ষ্য দিয়ে ।

তৃতীয় অধিবেশনত সম্পূৰ্ণৰূপে ভাৰতে আধিপত্য বিস্তাৰ কৰে । ৰবীন্দ্ৰ জাদেজাৰ ৫ টা উইকেটৰ সহায়ত ভাৰতে ইংলেণ্ডক ১২২ ৰাণত অলআউট কৰে । লগে লগে ৪৩৪ ৰাণত আলহী দলটো পৰাস্ত হয় । ইংলেণ্ডৰ ফাষ্ট বলাৰ মাৰ্ক উডৰ বাহিৰে কোনো বেটছমেনে ২০ ৰাণৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড, তৃতীয় দিনৰ অন্তত ভাৰতৰ ৩২২ ৰাণৰ অগ্ৰগতি

Last Updated : Feb 18, 2024, 5:51 PM IST

ABOUT THE AUTHOR

...view details