কুৱালালামপুৰ (মালয়েছিয়া): ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ১৯ বছৰ অনুৰ্ধৰ মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰিছে । চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । ২০২৩ চনত অনুষ্ঠিত হোৱা প্ৰথমখন প্ৰতিযোগিতাতো ভাৰতে জয়লাভ কৰিছিল ।
৯ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা
কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয় আই চি চি মহিলা টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন ।দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৮২ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১.২ অভাৰত ১ উইকেটৰ বিনিময়ত ৮৪ ৰাণ সংগ্ৰহ কৰি মেচখন জয়ী হয় । গোংগাড়ি তৃষা (৪৪ নট আউট) আৰু শনিকা চলিকে (২৬ নট আউট)ৰ উজ্জ্বল ইনিংছৰ সহায়ত দলটোৱে ১১.২ অভাৰত ৮৪ ৰাণ সংগ্ৰহ কৰি চূড়ান্ত মেচখন ভাৰতৰ নামত কৰাত সহায় কৰে ।
বিজয়ৰ নায়ক আছিল গোংগাড়ি তৃষা
ভাৰতৰ খিতাপ জয়ৰ নায়ক আছিল তাৰকা অলৰাউণ্ডাৰ গোংগাড়ি তৃষা ৷ তৃষাই প্ৰথমে বলিঙত ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল । ইয়াৰ পাছতে ৮৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৪৪ ৰাণৰ অপৰাজিত ইনিংছ খেলি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে চূড়ান্ত মেচত তৃষাই প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ লাভ কৰে ।
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় গোংগাড়ি তৃষা