স্পৰ্টছ ডেস্ক, ৪ আগষ্ট:দেওবাৰে শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হয় দ্বিতীয়খন এদিনীয়া খেল । এই খেলখনত ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ হাতত ৩০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । খেলখনত শ্ৰীলংকাৰ জিঅ’ফ্ৰে ভাণ্ডাৰছেই ৬টা উইকেট দখল কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় । এই জয়েৰে শ্ৰীলংকাই ৩খন মেচৰ এদিনীয়া শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰিছে, কিয়নো এই শৃংখলাৰ প্ৰথমখন মেচ দুয়োটা দলৰ মাজত ড্ৰ’ হৈছিল ।
ভাৰতক ৩২ ৰানত পৰাস্ত কৰে শ্ৰীলংকাই
শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত শ্ৰীলংকাৰ ক্ৰিকেট দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে । এই লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে ৪৫.৩ অভাৰত ২১০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল আৰু ইয়াৰ লগে লগে শ্ৰীলংকাই ৩২ ৰাণেৰে খেলখন নিজৰ নামত কৰে ।