অসম

assam

ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীত আজি দুই চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান - CHAMPIONS TROPHY 2025

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বহু প্ৰত্যাশিত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন দেওবাৰে অনুষ্ঠিত হ'ব ।

Champions Trophy 2025
চেম্পিয়নছ ট্ৰফীত আজি দুই চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান (IANS)

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 12:43 PM IST

ডুবাই :চেম্পিয়নছ ট্ৰফীত আজি অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত মেচ । ভাৰত আৰু পাকিস্তান মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব হাই ভল্টেজ মেচখন । যাক লৈ কেৱল ভাৰত আৰু পাকিস্তানতে নহয় বিশ্বত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে । বিশ্বজুৰি ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে খেলখনৰ বাবে অপেক্ষা কৰি আছে ।

উল্লেখ্য যে, চেম্পিয়নছ ট্ৰফী ২০২৫-ৰ পঞ্চমখন খেলত চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ হ'ব । নিউজীলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত পাকিস্তানে যিকোনো মূল্যত এই খেলখনত জয়ী হ'ব বিচাৰিব । ইফালে ভাৰতে ছেমিফাইনেললৈ পথ মুকলি কৰিবলৈ এই খেলখনত জয়ী হ'বলৈ যিকোনো পৰ্যায়লৈ যাব ।

বিশেষকৈ পাকিস্তানৰ বিৰুদ্ধে কোনো কাৰণতে পৰাজিত হ'ব নিবিচাৰিব ৰোহিত বাহিনী । চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানে প্ৰথমখন মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে ৬০ ৰাণৰ ব্যৱধানত পৰাজিত হৈছে । আনহাতে ভাৰতে প্ৰথমখন মেচত বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰিছে । দুয়োটা দল যিহেতু একেটা গ্ৰুপতে আছে । সেয়েহে আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ ।

ভাৰত আৰু পাকিস্তান দুয়োটা দলৰ হেড-টু-হেড ৰেকৰ্ডৰ বিষয়ে চালে দেখা যাব যে এতিয়ালৈকে তেওঁলোকৰ মাজত মুঠ ১৩৫ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে । য'ত পাকিস্তানে ৭৩ খন মেচত জয়ী হৈছে । ইফালে ভাৰতে ৫৭ খন মেচ জয়ী হৈছে ।

আনহাতে, দুয়োটা দলৰ মাজত ৫ খন মেচৰ কোনো ফলাফল নাছিল । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত দুয়োটা দলে ৫ বাৰ মুখামুখি হৈছে, যাৰ ভিতৰত পাকিস্তানে ৩ বাৰ জয়ী হৈছে, আনহাতে ভাৰতে ২ খন মেচত জয়ী হৈছে । বিগত চেম্পিয়নছ ট্ৰফীৰ ২০১৭ সংস্কৰণৰ ফাইনেলত ভাৰত আৰু পাকিস্তান মুখামুখি হৈছিল । য'ত পাকিস্তানে ভাৰতক পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।

সেই পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ ভাৰতীয় দল আজি খেলপথাৰত অৱতীৰ্ণ হ'ব । দুয়োটা দল শক্তিশালী, সেয়েহে আজি তেওঁলোকৰ মাজত এক ৰোমাঞ্চকৰ খেলৰ আশা কৰা হৈছে ।

  1. আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ : ভাৰত বনাম পাকিস্তান মেচ সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ তথ্য :-
  • ভাৰত বনাম পাকিস্তান চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ পঞ্চমখন খেল কেতিয়া ?

ভাৰত আৰু পাকিস্তানৰ মাজত ২৩ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে খেল অনুষ্ঠিত হ'ব ।

  • খেলখন ক'ত হ'ব ?

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ভাৰত বনাম পাকিস্তানৰ মাজৰ খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

  • খেলখন ভাৰতত কিমান সময়ত আৰম্ভ হ'ব ?

খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত আৰম্ভ হ'ব, দুপৰীয়া ২ বজাত টছ হ'ব ।

  • কোনটো টিভি চেনেলত খেলৰ পোনপটীয়া সম্প্ৰচাৰ উপলব্ধ হ'ব ?

খেলখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক আৰু স্পৰ্টছ-১৮ চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ।

  • খেলখন বিনামূলীয়াকৈ ক'ত পোনপটীয়াকৈ চাব পাৰিব ?

খেলৰ লাইভ ষ্ট্ৰীমিং জিঅ'হটষ্টাৰ এপ আৰু ৱেবছাইটত উপলব্ধ হ'ব । অনুৰাগীসকলে নিম্নতম মাচুলৰ সৈতে লাইভ মেচখন উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক :ভাৰতৰ বিৰুদ্ধে মেচৰ পূৰ্বেই পাকিস্তানৰ ভিতৰচ’ৰাৰ কথা ৰাজহুৱা ! - CHAMPIONS TROPHY 2025

ABOUT THE AUTHOR

...view details