অসম

assam

ETV Bharat / sports

উৎকৃষ্ট প্ৰদৰ্শন স্বত্বেও পুনে টেষ্টৰ পৰা বাদ পৰিল নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ

Ind vs NZ 2nd test: বহুকেইটা গুৰুত্বপূৰ্ণ অভিলেখ আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতো পুনে টেষ্টৰ পৰা বাদ পৰিছে নিউজিলেণ্ডৰ এগৰাকী তাৰকা ক্ৰিকেটাৰ ৷

IND VS NZ TEST SERIES
নিউজিলেণ্ড ক্ৰিকেট দল (AFP Photo)

By ETV Bharat Sports Team

Published : 4 hours ago

স্প’ৰ্টছ ডেস্ক: 24 অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টৰ পূৰ্বে নিউজিলেণ্ডৰ ক্ৰিকেট দলটোৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান ৷ পুনে টেষ্টৰ পূৰ্বে দলৰ পৰা বাদ পৰিছে তাৰকা বেটছমেন কেন উইলিয়ামছন ৷

অৱশ্যে আঘাতৰ সমস্যাৰ বাদ পৰা উইলিয়ামছনে একেটা কাৰণতে অংশগ্ৰহণ কৰিব পৰা নাছিল প্ৰথম টেষ্টতো ৷

দ্বিতীয় টেষ্টৰ পৰা বাহিৰ উইলিয়ামছন

নিউজিলেণ্ডে দলৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনৰ প্ৰত্যাৱৰ্তনলৈ কৰিছে অপেক্ষা ৷ পিছে এই অপেক্ষাত চেঁচাপানী ঢালি ক্ৰিকেটাৰগৰাকী বাহিৰ হৈছে ভাৰতৰ বিৰুদ্ধে পুনেত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ পৰা ৷ পিঠিৰ আঘাতৰ বাবে বেংগালুৰুত অনুষ্ঠিত প্ৰথম টেষ্টৰ পৰা বাদ পৰাৰ পিছত একেটা কাৰণতে বাদ পৰিছে দ্বিতীয় টেষ্টৰ পৰাও ৷ নিউজিলেণ্ড ক্ৰিকেটে মঙলবাৰে পুৱা ঘোষণা কৰে এই কথা ৷

নিউজিলেণ্ড ক্ৰিকেটে এক বিবৃতিৰ জৰিয়তে কয় যে, "কেন উইলিয়ামছন ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ বাবে উপলব্ধ নহ'ব ৷ কিয়নো তেওঁ পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰা নাই" ৷

বিগত সময়ত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল কেন উইলিয়ামছন ৷ ক্ৰিকেটাৰগৰাকী সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ নিউজিলেণ্ডত থাকিব ।

উইলিয়ামছন এতিয়াও 100% সুস্থ নহয়

নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে কৈছিল যে, তাৰকা বেটছমেনজনক নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে । "আমি কেনক অনুসৰণ কৰি আছো আৰু তেওঁ সঠিক দিশত আগবাঢ়িছে ৷ কিন্তু তেওঁ এতিয়াও 100% সুস্থ হৈ উঠা নাই," ষ্টেডে কয় ।

"আমি আশা কৰোঁ যে তেওঁ অনাগত দিনত সম্পূৰ্ণৰূপে সুস্থ হৈ তৃতীয় টেষ্টৰ বাবে উপলব্ধ হ’ব ৷ খেলুৱৈগৰাকী সুস্থ হৈ উঠিবলৈ যিমান সময়ৰ প্ৰয়োজন, সেইখিনি আমি তেওঁক প্ৰদান কৰিম" বুলিও গেৰী ষ্টেডে লগতে কয় ৷

লগতে পঢ়ক:বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত নেটত অনুশীলন মহম্মদ ছামীৰ; দিলে প্ৰত্যাৱৰ্তনৰ ইংগিত

ABOUT THE AUTHOR

...view details