অসম

assam

ETV Bharat / sports

92 বছৰৰ পিছত ঘৰৰ মাটিতে লজ্জাজনক পৰাজয় ভাৰতৰ; নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টতো পৰাজিত - IND VS NZ TEST SERIES

তৃতীয়খন টেষ্টত ভাৰতক 26 ৰাণত পৰাস্ত কৰি নিউজিলেণ্ডৰ ইতিহাস ৷ 92 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ঘৰৰ মাটিতে ভাৰতক ক্লীন ছুইপ নিউজিলেণ্ডৰ ।

IND VS NZ TEST SERIES
নিউজিলেণ্ডৰ ক্ৰিকেট দলটো (AP Photo)

By ETV Bharat Sports Team

Published : Nov 3, 2024, 2:10 PM IST

স্প’ৰ্টছ ডেস্ক:92 বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘৰৰ মাটিতে নিউজিলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ ৷ কিৱি বাহিনীয়ে তিনিখন মেচৰ এই শৃংখলাটো 3-0 ব্যৱধানত হস্তগত কৰে ৷

মুম্বাই টেষ্টৰ তৃতীয় দিনটোত হোৱাইট ৱাছ লাভ কৰা ভাৰতৰ হৈ ঋষভ পন্তে সংগ্ৰহ কৰা দৰ্শনীয় অৰ্ধশতকো অথলে যায় ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টেষ্টত ভাৰতে নিউজিলেণ্ডৰ হাতত 26 ৰাণত পৰাজিত হয় ৷

দ্বিতীয় ইনিংছত বেটিং বিপৰ্যয় ঘটা ভাৰতৰ হৈ ঋষভ পন্ত আৰু ৰবীন্দ্ৰ জাদেজাই কিছু উন্নত প্ৰদৰ্শন আগবঢ়াই যদিও ইয়ে দলক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে ৷ ভাৰতৰ সন্মুখত কিৱি বাহিনীয়ে বান্ধি দিছিল 147 ৰাণৰ লক্ষ্য, যিটো ৱাংখেড়েত যিকোনো দলৰ দ্বাৰা সংগৃহীত দ্বিতীয় সৰ্বাধিক ৰাণ ৷

92 বছৰত প্ৰথমবাৰৰ বাবে ভাৰতক হোৱাইট ৱাছ নিউজিলেণ্ডৰ

ভাৰতীয় দলটোৱে 24 বছৰৰ পিছত ঘৰুৱা খেলপথাৰত হোৱাইট ৱাছৰ সন্মুখীন হৈছে ৷ নিউজিলেণ্ডে দ্বিতীয় ইনিংছত ভাৰতৰ সন্মুখত 147 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ কিন্তু ভাৰতীয় দলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় আৰু 25 ৰাণত কিৱি বাহিনীৰ বিৰুদ্ধে পৰাজিত হয় ৷ ভাৰতে মাত্ৰ 121 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাই আটাইকেইটা উইকেট ৷

অথলে গৈছিল ঋষভ পন্তৰ অৰ্ধশতক ৷ দ্বিতীয় ইনিংছত সুন্দৰ বেটিং কৰা পন্তে 57 টা বলত 9 টা চাৰি আৰু এটা ছয়ৰ সৈতে সংগ্ৰহ কৰিছিল 64 ৰাণ । নিউজিলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত এজাজ পেটেলে 6 টা আৰু গ্লেন ফিলিপছে 3 টা উইকেট দখল কৰি দলক ঐতিহাসিক জয় প্ৰদান কৰে ।

নিউজিলেণ্ডৰ বিৰুদ্ধে 3-0 ব্যৱধানত পৰাস্ত ভাৰত

নিউজিলেণ্ডে মুম্বাই টেষ্টৰ প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 235 ৰাণ ৷ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত 263 ৰাণ সংগ্ৰহ কৰি 28 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ নিউজিলেণ্ডে দ্বিতীয় ইনিংছত 174 ৰাণ সংগ্ৰহ কৰে ৷

সেই সময়ত ভাৰতক জয় আৰু ক্লীন চুইপৰ পৰা হাত সাৰিবলৈ প্ৰয়োজন আছিল 147 ৰাণৰ ৷ কিন্তু দলটোৱে মাত্ৰ 121 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট মেচৰ ইতিহাস কি ?

যেতিয়া নিউজিলেণ্ডৰ দলটোৱে 1955 চনত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকে 5 খন মেচৰ টেষ্ট শৃংখলাটো 2-0 ব্যৱধানত হেৰুৱাইছিল ৷ সেই শৃংখলাৰ তিনিখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছিল ।

পৰৱৰ্তী সময়ত 1965 চনত নিউজিলেণ্ডৰ দলটো ভাৰতলৈ আহে আৰু সেইবাৰো তেওঁলোকে এখনো টেষ্ট জিকাৰ সুযোগ নাপালে । সেই সময়ত 4 খন মেচৰ টেষ্ট শৃংখলাটো 1-0 ব্যৱধানত দখল কৰিছিল ভাৰতে, য’ত 3 খন খেল অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷

পুনৰ চাৰি বছৰৰ পিছত অৰ্থাৎ 1969 চনত কিৱি দলে ভাৰত ভ্ৰমণ কৰে আৰু সেই সময়ত ভাৰতৰ মাটিত প্ৰথমখন টেষ্ট মেচত জয় লাভ কৰে ৷ অৱশ্যে সেই সময়ত নিউজিলেণ্ডে 3 খন খেলৰ টেষ্ট শৃংখলাটোত 1-1 ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ।

কিৱি বাহিনীয়ে জিকিলে প্ৰথমটো শৃংখলা

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অন্তিমটো টেষ্ট শৃংখলা 2021 চনৰ নৱেম্বৰত অনুষ্ঠিত হৈছিল । এই শৃংখলাটো ভাৰতৰ মাটিত অনুষ্ঠিত হৈছিল ৷ নিউজিলেণ্ডে 2 খন খেলৰ টেষ্ট শৃংখলাটো 1-0 ত পৰাজিত হৈছিল ।

সামগ্ৰিক টেষ্ট শৃংখলা আৰু খেলৰ অভিলেখলৈ লক্ষ্য কৰিলে ভাৰতৰ অগ্ৰগতি পৰিলক্ষিত হয় ৷ কিন্তু চলিত বছৰৰ তিনিখন মেচৰ টেষ্ট শৃংখলাটো জিকি নিউজিলেণ্ডে ভাৰতক তীব্ৰ প্ৰত্যাহ্বান জনায় ৷ সমান্তৰালকৈ ভাৰতৰ মাটিত প্ৰথমটো টেষ্ট শৃংখলা জয় কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷

লগতে পঢ়ক:ৱাংখেড়েত ইতিহাস ৰচিবলৈ সক্ষম হ’বনে টীম ইণ্ডিয়া ?

ABOUT THE AUTHOR

...view details