স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ:বেংগালুৰুত চলি আছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট ৷ শৃংখলাটোৰ প্ৰথমখন মেচৰ শুকুৰবাৰে তৃতীয়টো দিন ৷ ইতিমধ্যে প্ৰথম ইনিংছত ভাৰতে 46 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰিছে সংকটত ৷
নিউজিলেণ্ডে প্ৰথম ইনিংছত ইতিমধ্য়ে উপনীত হৈছে শক্তিশালী স্থিতিত ৷ আলহী দলটোৱে তৃতীয় দিনত আহাৰ বিৰতিৰ সময়লৈকে প্ৰায় 299 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ তেনে সময়তে ভাৰতৰ সন্মুখত দেখা দিছে আন এক প্ৰত্যাহ্বানে ৷ দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ঋষভ পন্তে আঁঠুৰ আঘাতৰ সমস্যাৰ বাবে শুকুৰবাৰৰ খেলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷
পন্তৰ আঘাত সন্দৰ্ভত বি চি চি আইৰ ঘোষণা
আঁঠুৰ আঘাতৰ সমস্য়াৰ বাবে শুকুৰবাৰে খেলপথাৰৰ পৰা বাহিৰত আছে ঋষভ পন্ত ৷ পন্তৰ আঘাত সন্দৰ্ভত বি চি চি আইয়ে দিছে বৃহৎ আপডেট ৷ বি চি চি আইয়ে সদৰী কৰা অনুসৰি, তৃতীয় দিনৰ খেলত উইকেটকীপিঙৰ ভূমিকাত দেখিবলৈ পোৱা নাযাব ঋষভ পন্তক ৷ তাৰ সলনি পন্তৰ স্থানত দেখিবলৈ পোৱা যাব ধ্ৰুৱ জুৰেলক ৷ ইতিমধ্যে টীম ইণ্ডিয়াৰ চিকিৎসকৰ দলে পন্তৰ আঘাত সন্দৰ্ভত পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৷