স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী:বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্টত শতক অৰ্জন টিম ইণ্ডিয়াৰ বেটছমেন শুভমন গিলৰ ৷ এই মেচৰ পূৰ্বে টেষ্ট ক্ৰিকেটত বহু সময় স্তব্ধ হৈ আছিল গিলৰ বেট ৷ ফলত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল যুৱ বেটছমেনজন ৷ কিন্তু দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি সমালোচকসকলক প্ৰত্যুত্তৰ দলে গিলে ৷ এই মেচত গিল বেটিং কৰিবলৈ আহিছিল যেতিয়া অধিনায়ক ৰোহিত শৰ্মাই ব্যক্তিগতভাৱে 13 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল ৷
গিলৰ সন্মুখতেই প্ৰথমে যশস্বী জয়ছোৱাল আৰু তাৰ পিছত শ্ৰেয়াছ আয়াৰ আৰু ৰজত পাটিদাৰো পেভিলিয়নলৈ উভতি আহিছিল ৷ কিন্তু তেওঁ নিজৰ খেল অব্যাহত ৰাখি টেষ্ট কেৰিয়াৰৰ তৃতীয় শতক সম্পূৰ্ণ কৰে ৷ এই ইনিংছত গিলে বহুবাৰ জীৱন লাভ কৰে যদিও তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল আৰু আক্ৰমণাত্মকভাৱে বেটিং কৰি খেলপথাৰত চাৰি আৰু ছয় কোবাই বিপক্ষৰ বলাৰক ব্যতিব্যস্ত কৰি তোলে ৷