ETV Bharat / sports

মেগা নিলামৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদ ত্যাগ ডেল ষ্টেইনৰ

IPL mega auction: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক পদ ত্যাগৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ফাষ্ট বলাৰৰ ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

IPL 2025
ছানৰাইজাৰ্ছ হায়দৰাবাদ (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ফাষ্ট বলাৰ ডেল ষ্টেইনৰ কঠোৰ সিদ্ধান্ত ৷ 2025 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনত ষ্টেইনক দেখিবলৈ পোৱা নাযাব ছানৰাইজাৰ্ছ হায়দৰাবাদত ৷

পূৰ্বে দলটোৰ বলিং প্ৰশিক্ষকৰ দায়িত্বত থকা ষ্টেইনে সলনি কৰিছে সিদ্ধান্ত ৷ তেওঁ এছ এ 20 লীগত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সহযোগী ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ সৈতে সংযুক্ত হৈ প্ৰশিক্ষকৰ ভূমিকা অব্যাহত ৰাখিব ।

এই বছৰৰ আৰম্ভণিতে ষ্টেইনে ব্যক্তিগত কাৰণত আই পি এল 2024 ৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল ৷ তাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেমছ ফ্ৰেংকলিনক দলটোৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে, যাতে তেওঁ আই পি এল 2024 ত মুখ্য প্ৰশিক্ষক ডেনিয়েল বেট্ট’ৰীৰ সৈতে কাম কৰিব পাৰে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষকৰ পদ ত্যাগ ডেল ষ্টেইনৰ

"আই পি এলত বলিং প্ৰশিক্ষক হিচাপে কেইবছৰমান কটোৱাৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদক বহুত ধন্যবাদ ৷ দুৰ্ভাগ্যবশতঃ মই আই পি এল 2025 ৰ ছিজনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিম ৷ অৱশ্যে, মই দক্ষিণ আফ্ৰিকাৰ ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ সৈতে এছ এ 20-ত কাম কৰি যাম" বুলি ডেল ষ্টেইনে ব্যক্ত কৰে ।

আই পি এলৰ কেৰিয়াৰত 41 বছৰীয়া ষ্টেইনে ডেক্কান চাৰ্জাৰ্ছ (ডি চি), ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি), ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) ৰ দৰে দলৰ হৈ খেলত অংশগ্ৰহণ কৰিছে ৷ ষ্টেইনে 95 খন মেচত 97 টা উইকেট দখল কৰিছিল ৷

লগতে, তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত দক্ষিণ আফ্ৰিকাৰ মুখ্য বলাৰৰ দায়িত্ব পালন কৰিছিল ৷ তেওঁ 93 খন টেষ্টত 439 টা উইকেট, 125 খন এদিনীয়াত 196 টা উইকেট আৰু 47 খন টি 20 মেচত দখল কৰিছে 64 টা উইকেট ৷

উল্লেখ্য যে, আই পি এল 2024 ত ছানৰাইজাৰ্ছ হায়দৰাবাদে অষ্ট্ৰেলিয়াৰ টেষ্ট অধিনায়ক পেট কামিন্সৰ নেতৃত্বত ৰাণাৰ্ছ আপৰ সন্মান অৰ্জন কৰিছিল ।

লগতে পঢ়ক: মাৰ্ক বাউচাৰে এৰিলে মুম্বাই ইণ্ডিয়ানছ; দুবছৰৰ মূৰত দলটোলৈ প্ৰত্যাৱৰ্তন এইগৰাকী খেলুৱৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.