ETV Bharat / sports

বলিং ধুমুহাৰে পাকিস্তানী বেটছমেনৰ মেৰুদণ্ড ভঙা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন ?

Anil Kumble Birthday: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ আজি জন্মদিন ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

ANIL KUMBLE BIRTHDAY
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলে (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক তথা অভিজ্ঞ স্পিনাৰ অনিল কুম্বলে আজি ভৰি দিছে 54 বছৰত । 1970 চনৰ 17 অক্টোবৰত কৰ্ণাটকৰ বেংগালুৰুত কুম্বলেৰ জন্ম হৈছিল । নিজৰ যাদুকৰী বলিঙৰে দলক বহুতো খেলত বিজয় উপহাৰ দিছে অভিজ্ঞ বলাৰগৰাকীয়ে ৷

আজি স্পিনাৰগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ কিছুমান সাফল্যৰ কথা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে-

এটা ইনিংছত 10 টাকৈ উইকেট

1999 চনৰ 7 ফেব্ৰুৱাৰীত 22 গজৰ পিটচত ইতিহাস ৰচনা কৰিছিল অনিল কুম্বলেই । আনকি 25 বছৰৰ পাছতো সেই খেলখনৰ স্মৃতি বিৰাজ কৰিছে ক্ৰিকেটপ্ৰেমীৰ হৃদয়ত ৷ অনিল কুম্বলেৰ নাম পাকিস্তান ক্ৰিকেটত আজিও চৰ্চা হয় ৷ এসময়ত বলাৰগৰাকীয়ে পাকিস্তানী বেটছমেনসকলক ক্ৰিজত দিশহাৰা কৰি তুলিছিল ৷ পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংছত সৰ্বাধিক 10 টা উইকেট দখলৰ কৰি ভাৰতীয় স্পিনাৰগৰাকীয়ে ৰচিছিল ইতিহাস ৷

দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত (বৰ্তমান অৰুণ জেটলী ষ্টেডিয়াম) পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত কুম্বলে 10 টা উইকেট দখল কৰিছিল । শক্তিশালী প্ৰদৰ্শনৰ ভিত্তিত ভাৰতে চেন্নাইত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাজিত হোৱাৰ পিছতো দিল্লীত খেলখন অমীমাংসিতভাৱে সামৰণি মাৰিবলৈ সক্ষম হয় । মাত্ৰ 74 ৰাণ ব্যয় কৰিয়েই কুম্বলে দখল কৰিছিল প্ৰতিপক্ষৰ আটাইকেইটা উইকেট ৷

ভঙা কঁকালৰ সৈতে নামিছিল খেলপথাৰত

2002 চনত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল এখন টেষ্ট মেচ ৷ যিখন অমীমাংসিতভাৱে সমাপ্ত হৈছিল । অনিল কুম্বলে এই খেলখনত 14 অভাৰ বলিং কৰাৰ লগতে প্ৰথম ইনিংছত ব্য়য় কৰিছিল মাত্ৰ 29 ৰাণ ৷

ইফালে, ভঙা কঁকালৰ সৈতে বলিং কৰি ভাৰতীয় স্পিনাৰগৰাকীয়ে দখল কৰিছিল কিংবদন্তী ব্ৰায়ান লাৰাৰ উইকেট, যি 25 টা বলৰ সন্মুখীন হৈ মাত্ৰ 4 ৰাণ সংগ্ৰহ কৰিয়েই আউট হৈছিল ।

ক্ৰিকেটত 600 তকৈ অধিক উইকেট

অনিল কুম্বলেক ভাৰতৰ শ্ৰেষ্ঠ স্পিনাৰৰ অন্যতম বুলি গণ্য কৰা হয় । তেওঁ 132 খন টেষ্ট মেচত দখল কৰিছিল 619 টা উইকেট । তদুপৰি টেষ্ট ক্ৰিকেটত 600 উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰত পৰিণত হৈছিল কুম্বলে ।

আনহাতে, 38 বাৰ 5 টা উইকেট আৰু 8 বাৰ 10 টা উইকেট দখল কৰি অভিলেখ ৰচনা কৰিছে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে । টেষ্ট ক্ৰিকেটতো কুম্বলেৰ নামত আছে এটা শতক । এদিনীয়া ক্ৰিকেটৰ কথা ক'বলৈ গ’লে অনিল কুম্বলেৰ নামত আছে 271 খন এদিনীয়াত 337 টা উইকেট দখলৰ অভিলেখ ৷

অনিল কুম্বলেৰ সম্পত্তি

অনিল কুম্বলেৰ সম্পত্তিয়ে অতিক্ৰম কৰিছে 80 কোটিৰ সীমা । বি চি চি আইৰ পৰা দৰমহা, অনুমোদন, আই পি এল চুক্তি আৰু ব্যক্তিগত ব্যৱসায় হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ উপাৰ্জনৰ উৎস । বেংগালুৰুত এটা বিলাসী ঘৰৰ স্বত্বাধিকাৰী হোৱাৰ লগতে সমগ্ৰ দেশতে কেইবাটাও ৰিয়েল ইষ্টেট সম্পত্তিৰ স্বত্বাধিকাৰী এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৷

লগতে পঢ়ক: ঘৰৰ মাটিতে তৃতীয় নিম্ন স্ক’ৰ সংগ্ৰহ; সংকটত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.