ETV Bharat / state

মুকলিৰ ১৫ দিনতে কাজিৰঙালৈ আগমন ১৩ হাজাৰো অধিক পৰ্যটকৰ; লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ

Kaziranga tourism year 2024-25: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অভিলেখ সংখ্যক পৰ্যটক ৷ মুকলিৰ ১৫ দিনত হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন ৷ লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Record breaking tourist footfall in Kaziranga National Park
কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক (ETV Bharat Assam)

কাজিৰঙা, ১৮ অক্টোবৰ : বিৰ দি বাট নোপোৱা অৱস্থা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ কিয়নো বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অভিলেখ সংখ্যক পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মুকলিৰ মাত্ৰ দুসপ্তাহতে দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙাই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ মাত্ৰ ১৫ দিনত ১৩ হাজাৰ ৫ শ পৰ্যটকে ভ্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা বন বিভাগে ২৯ লক্ষাধিক টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

কাজিৰঙা বন বিভাগৰ সংমণ্ডল বন বিষয়া (DFO) অৰুণ ভিগনেছে জনোৱা অনুসৰি, চলিত বৰ্ষৰ বানৰ পাচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পৰ্যটকে ভ্ৰমণ কৰা স্থানৰ একাংশ পথ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল ৷ যাৰ বাবে যোৱা ১ অক্টোবৰত কাজিৰঙা উদ্যানৰ কিছু স্থান আংশিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল ৷ কেৱল জীপ ছাফাৰীৰে আৰম্ভ কৰা পৰ্যটন বৰ্ষত নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা হাতী ছাফাৰী আৰম্ভ হ’ব ৷

লগতে পঢ়ক : কাজিৰঙাৰ এশিঙীয়া গঁড় চাবলৈ আপুনিও আহিব পাৰে ওদালবাক্ৰালৈ ! - Guwahati unique Puja Pandal

লগতে পঢ়ক : সাজি-কাচি কাজিৰঙা সাজু : পৰ্যটকৰ বাবে এইবাৰ কি হ’ব বিশেষ ! - Kaziranga National Park

ইপিনে, ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি হ’লেও যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক উপস্থিত উদ্যান পৰিদৰ্শন কৰিছে ৷ বন বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, পৰ্যটন বৰ্ষ মুকলিৰ মাত্ৰ ১৫ দিনতে ১৩, ৫০০ গৰাকী দেশীয় পৰ্যটক আৰু ১৪৪ গৰাকী বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰিছে ৷

বন বিভাগৰ সূত্ৰটোৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়া পৰ্যটন বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : অপেক্ষাৰ অন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ - Kaziranga National Park

লগতে পঢ়ক : দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.