ETV Bharat / sports

ঘৰৰ মাটিতে তৃতীয় নিম্ন স্ক’ৰ সংগ্ৰহ; সংকটত ভাৰত

Lowest test Score: নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেচত টীম ইণ্ডিয়াৰ হতাশাজনক প্ৰদৰ্শন ৷ তৃতীয় সৰ্বনিম্ন স্ক'ৰত অল আউট দলটো ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND VS NZ 1ST TEST
বেংগালুৰু টেষ্ট (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা ভাৰত-নিউজিলেণ্ডৰ টেষ্ট মেচৰ বৃহস্পতিবাৰে দ্বিতীয়টো দিন ৷ নেৰানেপেৰা বৰষুণৰ বাবে বাতিল হৈছিল টেষ্ট মেচখনৰ প্ৰথম দিনৰ খেল ৷

দ্বিতীয় দিনৰ খেলত টীম ইণ্ডিয়াই হতাশাজনক প্ৰদৰ্শন দাঙি ধৰে ৷ দলটোৱে তৃতীয়বাৰৰ বাবে সৰ্বনিম্ন স্ক’ৰ সংগ্ৰহ কৰি হেৰুৱাই আটাইকেইটা উইকেট ৷

টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় দলটোৱে 46 ৰাণতে হেৰুৱাই আটাইকেইটা উইকেট ৷ যি হৈছে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ তৃতীয় সৰ্বনিম্ন স্ক'ৰ ।

ভাৰতে বিগত 2021 চনত এডিলেইড অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত দিবা-নৈশ টেষ্ট মেচত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল মাত্ৰ 36 ৰাণ ৷ আনহাতে, 1974 চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে সংগ্ৰহ কৰা দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ আছিল 42 ।

ভাৰতৰ পাঁচগৰাকী বেটছমেনে ৰাণ সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয় ৷ আনহাতে, মাত্ৰ দুগৰাকী বেটছমেনেহে দহকৰ ঘৰত ৰাণ সংগ্ৰহ কৰে ৷

নিউজিলেণ্ডৰ ফাষ্ট বলাৰ মেট হেনৰীয়ে 33 খন টেষ্টত 100 তম টেষ্ট উইকেট সম্পূৰ্ণ কৰে ৷ বলাৰগৰাকীয়ে বৃহস্পতিবাৰে লাভ কৰে পাঁচটাকৈ উইকেট ৷ প্ৰথমখন মেচতে উইলিয়াম অৰুৰ্কে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে টিম চাউথীয়ে ৰোহিত শৰ্মাৰ গুৰুত্বপূৰ্ণ উইকেটটো দখল কৰে ।

1969 চনৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত ভাৰতে 34 ৰাণতে হেৰুৱাই 6 টা উইকেট । প্ৰথমবাৰৰ বাবে ভাৰতৰ শীৰ্ষ 7 গৰাকী বেটছমেনৰ ভিতৰৰ 4 গৰাকীয়েই ঘৰুৱা টেষ্টত শূন্য ৰাণত আউট হয় । বৰ্তমানলৈকে নিউজিলেণ্ডে বেটিং কৰিবলৈ ক্ৰিজলৈ আহি এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 82 ৰাণ ৷

লগতে পঢ়ক: বৰষুণ কমিলে 15 মিনিটৰ পিছত অনুষ্ঠিত হ’ব খেল; এয়া কেনেদৰে সম্ভৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.