স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ:ভাৰত-বাংলাদেশৰ মাজত 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা ৷ প্ৰথমখন মেচৰ পূৰ্বে ভাৰতীয় দলটোৱে চেন্নাইত উপস্থিত হৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে নেট অনুশীলনত ৷ নেট অনুশীলনত দলটোৰ অন্যান্য সদস্যসকলৰ সৈতে উপস্থিত থাকে অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ৷ 9 মাহৰ পিছত টেষ্ট শৃংখলালৈ উভতিছে দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলী ৷
বাংলাদেশ টেষ্টৰ পূৰ্বে বিৰাট-ৰোহিতৰ আক্ৰমণাত্মক শৈলী
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে নেটত অনুশীলন কৰি প্ৰচুৰ ঘাম বাহিৰ কৰে ৷ যি সময়ৰ এটা ভিডিঅ’ বি চি চি আইয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট এক্সত পোষ্ট কৰিছে ।
এই ভিডিঅ’টোত টীম ইণ্ডিয়াৰ সদস্যসকল বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অনুশীলন কৰি থকা দেখা গৈছে ৷ ভিডিঅ’টোত দুয়োগৰাকী তাৰকাকে নিজৰ নিজৰ ষ্টাইলত বেটিং কৰি থকা দেখা যায় ৷ ক্ৰিজত দ্ৰুত বলাৰ আৰু স্পিন বলাৰৰ সন্মুখত আক্ৰমণাত্মক শৈলীত কেনেদৰে বেটিং কৰিব লাগে, তাৰে অভ্যাসত ব্যস্ত আছিল ৰোহিত-বিৰাট ৷