অসম

assam

By ETV Bharat Sports Team

Published : 4 hours ago

ETV Bharat / sports

দুহাজাৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া খাদ্য যোগান আৰু টিকটৰে মেচ উপভোগৰ সুবিধা - INDIA VS BAN 2ND TEST

Free pass for school students: এখন ক্ৰিকেট মেচৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়োৱা হৈছে বিশেষ সুবিধা ৷ প্ৰায় দুহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা ৷ কাবুলি বুটৰ ঘুগুণী-ৰুটিৰ পৰা আৰম্ভ কৰি পিজ্জালৈকে বিনামূল্যে মন পছন্দৰ খাদ্যৰ সোৱাদ লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে ৷

INDIA VS BAN 2ND TEST
মেচৰ সময়ৰ দৰ্শকৰ ফাইল ফটো (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ:27 ছেপ্টেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ ৷ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই টেষ্ট মেচত ছাত্ৰ-ছাত্ৰীৰ বাবে থাকিব বিশেষ সুবিধা ৷ শিক্ষাৰ্থীসকললৈ এই বিশেষ সুবিধা আগবঢ়াইছে মেচখনৰ আয়োজকে ৷ প্ৰায় 2000 বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীয়ে বিনামূলীয়া টিকটৰে উপভোগ কৰিব এই মেচ ৷

কেৱল এয়াই নহয়, আয়োজকৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলক যোগান ধৰা হ’ব বিনামূলীয়া খাদ্য আৰু খোৱাপানী ৷ তাৰোপৰি এই ষ্টেডিয়ামত আছে 20 হাজাৰ দৰ্শকৰ বাবে আসনৰ সুবিধা ৷ মেচখন উপভোগ কৰিবলৈ অহা দৰ্শকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে স্থান সঞ্চালক আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাই গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা ৷

ষ্টেডিয়ামৰ ভিতৰত অধিক সংখ্যক ঠাইত থাকিব পাৰ্কিঙৰ ব্যৱস্থা । যাতে অত্যধিক গৰমতো দৰ্শকে সহজে ষ্টেডিয়ামৰ ভিতৰলৈ আহি তেওঁলোকৰ বাহনসমূহ পাৰ্ক কৰি খেল উপভোগ কৰিব পাৰে ৷

আয়োজকসকলে দাবী কৰা অনুসৰি, প্ৰায় 20,000 অধিক দৰ্শকে উপভোগ কৰিব পাৰিব ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট মেচ ৷ মঙলবাৰে আলোচনাৰ পিছত স্থান(ভেন্যু) পৰিচালক ড৹ সঞ্জয় কাপুৰে এই তথ্য প্ৰদান কৰে । অনুষ্ঠানটোত আতিথ্য(সেৱা) সঞ্চালক সঞ্জীৱ কুমাৰ সিং, ইউ পি চি এ-ৰ কোষাধ্যক্ষ প্ৰেম মনোহৰ গুপ্তা আৰু সঞ্চালক সঞ্চালক মনোজ পুন্দিৰ উপস্থিত আছিল ।

পিজ্জাৰ পৰা কানপুৰীয়ালৈকে, কুলচা-ঘুগুণীৰ পৰা মাখনলৈকে লাভ কৰিব সোৱাদ

স্থান পৰিচালক ড৹ সঞ্জয় কাপুৰে মেচখনৰ সময়ত দৰ্শকে যাতে থলুৱা খাদ্যৰ সোৱাদ লাভ কৰে, তাৰ প্ৰতি গ্ৰহণ কৰিছে সকলো প্ৰকাৰৰ ব্যৱস্থা ৷ সেই অনুসৰি, ষ্টেডিয়ামৰ ভিতৰত দৰ্শকে সোৱাদ ল’ব পাৰিব পিজ্জাৰ পৰা আৰম্ভ কৰি চোলে-কুলচালৈকে বহুধৰণৰ ব্যঞ্জন ৷

এই খাদ্যবোৰৰ বাবে নুন্যতম মূল্য নিৰ্ধাৰণ কৰা হৈছে ৷ দৰ্শকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ষ্টেডিয়ামৰ সকলো কেইখন প্ৰৱেশদ্বাৰতে নিৰ্মাণ কৰা হৈছে বিশেষ প্ৰকাৰৰ চেলফি পইণ্ট । মূঠৰ ওপৰত দৰ্শকৰ বাবে সকলো ধৰণৰ ব্যৱস্থা মজুত কৰিছে ষ্টেডিয়াম কৰ্তৃপক্ষই ৷ তদুপৰি শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা বিশেষ ব্যৱস্থা অৱশ্যে কাৰ্যকৰী হ’ব ৰাজ্যখনৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰতহে ৷

লগতে পঢ়ক:কিহৰ বাবে এনে আচৰণ ! হোটেল কৰ্তৃপক্ষৰে হাত মিলাবলৈ অস্বীকাৰ কোহলীৰ - VIRAT KOHLI HAND SHAKE VIRAL VIDEO

ABOUT THE AUTHOR

...view details