স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ:ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথম টেষ্টৰ চতুৰ্থ দিনটোতে বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণত জয় লাভ কৰে টীম ইণ্ডিয়াই ৷ দেওবাৰে বি চি চি আইয়ে কানপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ বাবে ঘোষণা কৰিছে ভাৰতীয় দলটো ৷ চেন্নাই টেষ্টৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বি চি চি আয়ে দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে ৷
বি চি চি আইয়ে নিজৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট এক্সত পোষ্ট কৰি এই কথা ৰাজহুৱা কৰে ৷ অৱশ্যে কানপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে দলটোত কৰা হোৱা নাই কোনো পৰিৱৰ্তন ৷ পূৰ্বে অন্যতম তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই দ্বিতীয় টেষ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছিল যদিও সম্প্ৰতি ক্ৰিকেটাৰগৰাকীয়ে এই টেষ্টত স্থান লাভ নকৰাটো নিশ্চিত হৈছে ৷
চেন্নাই টেষ্টত ভাৰতে তিনিগৰাকী দ্ৰুত বলাৰ আৰু দুগৰাকী স্পিনাৰৰ সৈতে খেলপথাৰত নামিছিল ৷ প্ৰথম টেষ্টত দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল বলাৰসকলে ৷ দলৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে মেচখনত শতক অৰ্জন কৰাৰ উপৰিও দখল কৰিছিল 6 টাকৈ উইকেট ৷ আনহাতে, জাদেজাই 86 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে দখল কৰিছিল 5 টা উইকেট ৷
যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত 4 টা আৰু দ্বিতীয় ইনিংছত 2 টা উইকেট দখল কৰিছিল । আকাশদ্বীপেও প্ৰথম ইনিংছত দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । বেটিঙৰ দিশলৈ লক্ষ্য কৰিলে ক’ব পৰা যায় যে, পথ দুৰ্ঘটনাৰ পিছত সুদীৰ্ঘ সময়ৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ঋষভ পন্তেও অৰ্জন কৰিছিল শতক ৷ সমান্তৰালকৈ শুভমন গিলেও এক সুন্দৰ শতক অৰ্জন কৰে ।