স্প’ৰ্টছ ডেস্ক: 6 ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচ ৷ এই মেচখনৰ পূৰ্বে টীম ইণ্ডিয়াৰ অনুৰাগীসকলৰ বাবে আছে এক ভাল খবৰ ৷
আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত টীম ইণ্ডিয়াত যোগদান কৰিছে দলটোৰ যুৱ তাৰকা বেটছমেন শুভমন গিলে ৷ এডিলেইড টেষ্টৰ পূৰ্বে খেলুৱৈগৰাকীয়ে নেটত অনুশীলন কৰাও পৰিলক্ষিত হৈছে ৷
আঘাতৰ পিছত অনুশীলনলৈ উভতিছে গিল
পাৰ্থৰ ডব্লিউ এ চি এ-ত নেট অনুশীলনৰ সময়ত এটা কেচ আয়ত্ব কৰাৰ সময়তে শুভমন গিলে বাওঁহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল ৷ যাৰ বাবে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত খেলা প্ৰথমখন টেষ্টৰ পৰা বাদ পৰিছিল খেলুৱৈগৰাকী ।
অৱশ্যে এতিয়া আঘাতৰ পৰা সুস্থ হৈ দলত যোগদান কৰিছে টীম ইণ্ডিয়াৰ যুৱ বেটছমেনগৰাকীয়ে ৷ খেলুৱৈগৰাকীয়ে নেট অনুশীলন কৰাৰ সময়ৰ এটা ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে সুখ প্ৰকাশ কৰে অনুৰাগীসকলে ৷
বি চি চি আইয়ে এক্সত টীম ইণ্ডিয়াৰ অনুশীলনৰ এক ভিডিঅ' পোষ্ট কৰিছে । এই ভিডিঅ'টোত গিলক দ্বিতীয় টেষ্ট মেচৰ পূৰ্বে কঁকালত টঙালি বান্ধি প্ৰস্তুতিত ব্যস্ত হোৱা দেখা গৈছে ৷
"আঘাতৰ পিছত মই যথেষ্ট হতাশ হৈছিলো, মই পাৰ্থত খেলিব বিচাৰিছিলো ৷ দলটোৱে সঁচাকৈয়ে ভাল প্ৰদৰ্শন কৰিছিল । মোৰ আঘাতৰ আৰোগ্যৰ বাবে মই বহুত সুখী । মই আশা কৰাতকৈ সোনকালে ই ভাল হৈছে" বুলি গিলে কয় ৷
ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্ট মেচখন ভাৰতীয় সময় অনুসৰি, 6 ডিচেম্বৰৰ পুৱা 9.30 বজাৰ পৰা আৰম্ভ হ'ব । গিলক এই খেলখনৰ প্লেয়িং-11 ত খেলা দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক:খেলি থকাৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে ভাৰতীয় ক্ৰিকেটাৰে; ক্ৰিকেট জগতত শোক