মেলবৰ্ণ: মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় ৰোহিত বাহিনীৰ । এই পৰাজয়ৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা পথো কঠিন হৈ পৰিল । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দলটোৱে ১৮৪ ৰাণত পৰাজিত হয় । মেলবৰ্ণত এই পৰাজয়ৰে ভাৰতীয় দলটো শৃংখলাটোত 2-1 ত পিছ পৰি আছে । এতিয়া টীম ইণ্ডিয়া ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ অংক জটিল হৈ পৰিল ।
অষ্ট্ৰেলিয়াই টছত জয়ী হৈ এই খেলখনত প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৪৭৪ ৰাণ সংগ্ৰহ কৰে । কেংগেৰু বাহিনীৰ হৈ ষ্টিভ স্মিথে ১৪০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৬৯ ৰাণ সংগ্ৰহ কৰে । ২১ বছৰীয়া নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ হৈ ১১৪ ৰাণৰ শতক অৰ্জন কৰে । প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে ১০৫ ৰাণৰ অগ্ৰগতি লাভ কৰে । এই খেলখনৰ দ্বিতীয় ইনিংছত মাৰ্নাছ লাবুচাগেনৰ ৭০, অধিনায়ক পেট কামিন্স আৰু নাথন লিয়নে ৪১ ৰাণকৈ সংগ্ৰহ কৰাত অষ্ট্ৰেলিয়াই ২৩৪ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ৩৩৯ ৰাণৰ অগ্ৰগতি অৰ্জন কৰে । জয়ৰ বাবে ৩৪০ ৰাণৰ লক্ষ্য পিচাকৰি ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই খেলখনৰ পঞ্চম দিনা দ্বিতীয় ইনিংছত ৭৯.১ অভাৰত ১৫৫ ৰাণ সংগ্ৰহ কৰাত ১৮৪ ৰাণত পৰাজিত হয় ।
ভাৰতৰ হৈ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মা (৯), বিৰাট কোহলী (৫) আৰু কে এল ৰাহুল (০) সম্পূৰ্ণৰূপে ব্য়ৰ্থ হয় । যশস্বী জয়ছোৱালে এই খেলখনত ভাৰতৰ হৈ সৰ্বাধিক ৮৪ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৮টা চাৰিৰ সহায়ত ২০৮ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে । জয়ছোৱালক আউট হোৱাৰ লগে লগে ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰে।
মেলবৰ্ণত উজলিল যশপ্ৰীত বুমৰাহ :