অসম

assam

ETV Bharat / sports

ৰোহিত-গিলৰ সলনি কাক স্থান দিয়া হ’ব দলত ? পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ - IND VS AUS TEST SERIES

পাৰ্থ টেষ্টত ৰোহিত শৰ্মা-শুভমন গিলৰ অনুপস্থিতিত ভাৰতে কাক স্থান দিব দলত ? পঢ়ক বিতং খবৰ...

IND vs AUS TEST SERIES
ঋষভ পন্ত, যশপ্ৰীত বুমৰাহ আৰু বিৰাট কোহলী (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 19, 2024, 1:23 PM IST

স্প’ৰ্টছ ডেস্ক: 22 নৱেম্বৰৰ পৰা পাৰ্থত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট শৃংখলা ৷ এই কাৰ্যসূচীত অন্তৰ্ভুক্ত আছে পাঁচখন মেচ ৷

কিন্তু পাৰ্থ টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াৰ সন্মুখত দেখা দিছে বৃহৎ প্ৰত্যাহ্বান ৷ দলটোৰ কেইবাগৰাকীও টপ অৰ্ডাৰ বেটছমেনে এই টেষ্টত অংশগ্ৰহণৰ পৰা বিৰত থকাটো ইতিমধ্যে নিশ্চিত হৈছে ৷ তাৰ ভিতৰত আছে অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিলকে ধৰি কেইবাগৰাকীও খেলুৱৈ ৷

ৰোহিত শৰ্মা আৰু শুভমন গিল (AFP Photo)

এই অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে মূল একাদশত সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ বেটিং লাইনআপত সালসলনি কৰিব লাগিব ভাৰতে ৷

যশপ্ৰীত বুমৰাহৰ ওপৰত দলৰ দায়িত্ব

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ কিছুদিন পূৰ্বে ৰোহিতৰ ঘৰলৈ আগমন ঘটিছে পুত্ৰ সন্তানৰ ৷ যাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে ভাৰততে থকাটো সিদ্ধান্ত লৈছে ৷

ৰোহিতৰ অনুপস্থিতিত দলৰ অধিনায়কত্বৰ ভাৰ দিয়া হৈছে যশপ্ৰীত বুমৰাহৰ ওপৰত ৷ নতুন দায়িত্ব পালন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে টীম ইণ্ডিয়াৰ ফাষ্ট বলাৰগৰাকী ৷

কোনে ল’ব ৰোহিত-গিলৰ স্থান ?

ৰোহিত শৰ্মা আৰু শুভমন গিলৰ স্থানত টীম ইণ্ডিয়াই কাক অন্তৰ্ভুক্ত কৰিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ শুভমন গিলৰ আঙুলিত ফ্ৰেকচাৰ হোৱাৰ ফলত দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ যাৰ ফলত ভাৰতীয় বেটিং লাইনআপত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হ’ব ৷

পাৰ্থত অনুষ্ঠিত হ’বলগা প্ৰথমখন টেষ্টলৈ মাত্ৰ 4 দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াই মূল একাদশত কাক স্থান দিব, তাক লৈ পৰিছে সমস্যাত ৷ যশস্বী জয়ছোৱালে দলৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে ৷ তদুপৰি দলটোত ৰখা হৈছে 4 গৰাকী বেটছমেন, যিয়ে প্ৰথম পাঁচ উইকেটত দলৰ বেটিং চম্ভালিব ৷

যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব কে এল ৰাহুলে

সোঁহতীয়া তাৰকা বেটছমেন কে এল ৰাহুলে যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে ৷ ৰাহুলে পূৰ্বেও অষ্ট্ৰেলিয়াত দলৰ ইনিংছ মুকলি কৰিছিল । অষ্ট্ৰেলিয়া এ-ৰ বিৰুদ্ধে অনানুষ্ঠানিক টেষ্টত কম ৰাণ সংগ্ৰহ কৰা স্বত্বেও ৰাহুলে টীম মেনেজমেণ্টৰ সমৰ্থন লাভ কৰে ।

ইনিংছ মুকলি কৰাৰ অভিজ্ঞতা থকা ৰাহুলে ৰোহিত উপলব্ধ নহ'লে অ’পেনাৰৰ দায়িত্ব পালন কৰিব । ৰাহুলে ভাৰতৰ বাহিৰত অ’পেনাৰ হিচাপে 32 ৰ গড়ে 6 টা শতকৰ সহায়ত ৰাণ সংগ্ৰহ কৰিছে ৷

বিৰাট কোহলী তিনি নম্বৰত বেটিং কৰাৰ সম্ভাৱনা

তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া শৃংখলাত মাত্ৰ 93 ৰাণ সংগ্ৰহ কৰিছিল ৷ সম্প্ৰতি পাৰ্থ টেষ্টৰ পূৰ্বেও ক্ৰিকেটাৰগৰাকী নিজৰ ফৰ্মত নাই বুলিব পাৰি ৷ প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে চলিত বছৰত মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিছে ৷

আগন্তুক শৃংখলাত ভাৰতৰ বিজয়ৰ বাবে কোহলীৰ বেটৰ পৰা ৰাণ সংগ্ৰহ হোৱাটো অতিকৈ প্ৰয়োজন । গিলৰ আঘাতৰ বাবে কোহলীক তিনি নম্বৰত দলে বেটিং কৰিবলৈ পঠোৱাৰ সম্ভাৱনা আছে ৷ অষ্ট্ৰেলিয়াত ক্ৰিকেটাৰগৰাকীয়ে বেটিং কৰাৰ পূৰ্ব অভিজ্ঞতাও যথেষ্ঠ আছে ৷

চাৰি নম্বৰত ঋষভ পন্ত

ক্ৰিকেট কিংবদন্তী আৰু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক শৃংখলাত বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ণ । মিডল অৰ্ডাৰ শক্তিশালী কৰিবলৈ পাৰ্থ টেষ্টত পন্তক চাৰি নম্বৰত বেটিং কৰিবলৈ সুযোগ দিয়া হ’ব পাৰে ৷ পন্তৰ অষ্ট্ৰেলিয়াত খেলাৰ যথেষ্ট অভিজ্ঞতা আছে ৷ যোৱাবাৰ গাব্বাত পন্তে খেলা দলৰ বিজয়ী ইনিংছ এতিয়াও ক্ৰিকেট অনুৰাগীৰ মনত আছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল, চৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা/ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ (অধিনায়ক), মহম্মদ চিৰাজ আৰু আকাশদীপ ।

লগতে পঢ়ক:পাৰ্থ টেষ্টৰ পূৰ্বে ভাৰতৰ দুগৰাকীকৈ বেটছমেন আঘাতপ্ৰাপ্ত

ABOUT THE AUTHOR

...view details