অসম

assam

ETV Bharat / sports

আই চি চিয়ে ঘোষণা কৰিলে ২০২৪ চনৰ টি-২০ দল: অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাক, দলৰ পৰা বাহিৰ বিৰাট কোহলী - ICC MENS T20I TEAM OF THE YEAR 2024

আই চি চিয়ে ২০২৪ চনৰ টি-২০ টিম অৱ দ্য ইয়েৰ ঘোষণা কৰিছে । দলত চাৰিগৰাকী ভাৰতীয় ক্ৰিকেটাৰক স্থান দিয়া হৈছে ।

ICC MENS T20I TEAM OF THE YEAR 2024
আই চি চি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দল (IANS Photo)

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 5:23 PM IST

হায়দৰাবাদ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৪ বৰ্ষৰ বছৰৰ শ্ৰেষ্ঠ টি-২০ দল হিচাপে ঘোষণা কৰিছে । ৰোহিত শৰ্মাক এই দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ভাৰতৰ সৰ্বাধিক চাৰিজন খেলুৱৈয়ে বছৰৰ শ্ৰেষ্ঠ টি-২০ দলত স্থান লাভ কৰিছে । ৰোহিত শৰ্মাৰ উপৰিও দলটোৰ আন তিনিগৰাকী ভাৰতীয়ৰ ভিতৰত আছে বেট আৰু বল দুয়োটাৰে হিট হোৱা উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু আৰ্শদীপ সিং ।

অৱশ্যে বিৰাট কোহলীয়ে ২০২৪ চনৰ টি-২০ টীম অৱ দ্য ইয়েৰত স্থান লাভ কৰিব নোৱাৰিলে । ২০২৪ চনৰ জুন মাহত যেতিয়া ভাৰতে ৱেষ্ট ইণ্ডিজ-আমেৰিকাই আয়োজন কৰা টি-২০ বিশ্বকাপত জয়লাভ কৰিছিল, তেতিয়া কোহলী ফাইনেলত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল । ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, জিম্বাবুৱে, আফগানিস্তান আৰু শ্ৰীলংকাৰ ১ জনকৈ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ট্ৰেভিছ হেড, ইংলেণ্ডৰ উইকেটকীপাৰ আৰু অ’পেনিং বেটছমেন ফিল ছল্ট, পাকিস্তানৰ মিডল অৰ্ডাৰ বেটছমেন আৰু প্ৰাক্তন অধিনায়ক বাবাৰ আজম, ৱেষ্ট ইণ্ডিজৰ উইকেটকীপাৰ বেটছমেন নিকোলাছ পুৰন, জিম্বাবুৱেৰ স্পিন অলৰাউণ্ডাৰ ছিকন্দৰ ৰাজা, আফগানিস্তানৰ লেগ স্পিনাৰ ৰছিদ খান আৰু শ্ৰীলংকাৰ লেগ স্পিন অলৰাউণ্ডাৰ ৱানিন্দু হাছাৰাংগাক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

টি-২০ বিশ্বকাপ ২০২৪ৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্ৰিকাৰ এজনো খেলুৱৈ এই দলত অন্তৰ্ভুক্ত হোৱা নাই । আনহাতে নিউজীলেণ্ডৰ খেলুৱৈসকলেও দলত স্থান লাভ কৰাত ব্যৰ্থ হৈছে ৷

২০২৪ চনৰ আই চি চিৰ পুৰুষৰ টি-২০ দল:

ৰোহিত শৰ্মা (অধিনায়ক), ট্ৰেভিছ হেড, ফিল ছল্ট, বাবৰ আজম, নিকোলাছ পুৰন, ছিকন্দৰ ৰাজা, হাৰ্দিক পাণ্ডিয়া, ৰছিদ খান, ৱানন্দু হাছাৰংগা, যশপ্ৰীত বুমৰাহ আৰু আৰ্শদীপ সিং ।

লগতে পঢ়ক:দ্বিতীয় টি-২০ৰ পূৰ্বে আঘাতৰ সমস্যাত ভাৰতীয় দল; বিস্ফোৰক অপেনিং যুটিত মোক্ষম আঘাত

ABOUT THE AUTHOR

...view details