নতুন দিল্লী :অৱশেষত ঘোষণা হ'ল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় দল । বিচিচিআইয়ে মঙলবাৰে নিশা ভাৰতৰ চূড়ান্ত দল ঘোষণা কৰে । কিন্তু দলত নাম নাই ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ নাম । এই খবৰ ইতিমধ্যে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক উদ্বিগ্ন কৰি তুলিছে ।
বুমৰাহ বাহিৰ, দললৈ আহিল ৰাণা :
ভাৰতৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ কৰা হৈছে । প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ অজিত আগাৰকাৰৰ নেতৃত্বত ৫ জনীয়া ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে বুমৰাহৰ স্থানত যুৱ সোঁহাতৰ ফাষ্ট বলাৰ হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে । বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক সংবাদমেলত কয়, 'পিঠিৰ তলৰ অংশৰ আঘাতৰ বাবে ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ হৈছে । পুৰুষৰ বাছনি সমিতিয়ে বুমৰাহৰ স্থানত হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে ।"
জয়ছোৱালৰ সলনি চক্ৰৱৰ্তীয়ে পালে স্থান :
ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে শেহতীয়াকৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীকো চেম্পিয়নছ ট্ৰফীৰ বাবে দলত অন্তৰ্ভুক্ত কৰিছে । চক্ৰৱৰ্তী হৈছে ছাৰ ফাৰুখ ইঞ্জিনিয়াৰৰ পিছত এদিনীয়াত আত্মপ্ৰকাশ কৰা দ্বিতীয় বৰ্ষীয়ান ভাৰতীয় হৈ পৰিছে । ঘৰুৱা বৰ্তনীত তামিলনাডুৰ হৈ খেলা চক্ৰৱৰ্তীয়ে বিস্ফোৰক অপেনাৰ যশস্বী জয়ছোৱালৰ স্থান লৈছে । জয়ছোৱালক বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা অস্থায়ী দলত অন্তৰ্ভুক্ত কৰিছিল । স্পিনাৰসকলক সহায় কৰিব পৰা ডুবাইৰ পিটছবোৰৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা যথেষ্ট । দেৱজিৎ শইকীয়াই কয়,"টীম ইণ্ডিয়াই বৰুণ চক্ৰৱৰ্তীকো দলটোত অন্তৰ্ভুক্ত কৰিছে । এই স্পিনাৰগৰাকীয়ে বেটছমেন যশস্বী জয়ছোৱালৰ স্থান ল'ব । যাক প্রথমে অস্থায়ী দলতে অন্তর্ভুক্ত কৰা হৈছিল ।"
ছামীয়ে ফাষ্ট বলাৰৰ নেতৃত্ব ল'ব :