অসম

assam

ETV Bharat / sports

পি চি বিৰ অধ্যক্ষ মহছিন নকভিৰ সুৰ সলনি; হাইব্ৰিড মডেল গ্ৰহণ কৰিবলৈ সাজু ! - ICC CHAMPIONS TROPHY 2025

অৱসানৰ দিশে চেম্পিয়নছ ট্ৰফী 2025 ক লৈ থকা ক্ৰিকেটপ্ৰেমীৰ উৎকণ্ঠা ৷ পাকিস্তানে বান্ধি দিলে দুটাকৈ চৰ্ত ৷ পঢ়ক সবিশেষ...

ICC Champions Trophy 2025
চেম্পিয়নছ ট্ৰফী 2025 (IANS Photo)

By ETV Bharat Sports Team

Published : Dec 1, 2024, 11:13 AM IST

স্প’ৰ্টছ ডেস্ক:চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত উৎকণ্ঠা অব্যাহত আছে ক্ৰিকেটপ্ৰেমীৰ ৷ 2025 চনত অনুষ্ঠিত হ’বলগা চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

পিছে এই সিদ্ধান্তত এতিয়াও সেউজ সংকেত প্ৰদান কৰা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷ 29 নৱেম্বৰত অনুষ্ঠিত বৈঠকত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ পিছত পুনৰ শনিবাৰে অৰ্থাৎ 30 নৱেম্বৰত প্ৰতিযোগিতাখনৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় ৷

আই চি চিয়ে আহ্বান কৰা এই বৈঠকত বি চি চি আই আৰু পি চি বিৰ বিষয়ববীয়াসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে ৷ অৱশ্যে শনিবাৰে চেম্পিয়নছ ট্ৰফী 2025 সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ লগতে অধ্যক্ষ মহছিন নকভিৰ সুৰ কিছু নৰম হোৱা দেখা গৈছে ।

ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান ৷ পিছে ভাৰতে সুৰক্ষাজনিত কাৰণতে দেশখন ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ যাৰ বাবে ভাৰত চৰকাৰেও কোনো কাৰণতে টীম ইণ্ডিয়াক অনুমতি প্ৰদান নকৰে ৷

তেতিয়াৰে পৰাই চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অব্যাহত আছে চৰ্চা ৷

হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত হাইব্ৰিড মডেলৰ ওপৰত চলি থকা আলোচনাৰ মাজতে পি চি বিৰ অধ্যক্ষ নকভিয়ে এমিৰেটছ ব’ৰ্ডৰ মুৰব্বী উচমানিক সাক্ষাৎ কৰে ৷

পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) অধ্যক্ষ মহছিন নকভিয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলৰ ওপৰত চলি থকা আলোচনাৰ মাজতে ডুবাইত এমিৰেটছ ক্ৰিকেট ব'ৰ্ডৰ মুৰব্বী মুবাছিৰ উচমানিক সাক্ষাৎ কৰে । সেয়ে পাকিস্তানে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সন্মত হ’ব পাৰে বুলি অনুমান কৰা হৈছে ৷

শুকুৰবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পাকিস্তানক আগন্তুক বছৰটোত চেম্পিয়নছ ট্ৰফী আয়োজনৰ "হাইব্ৰিড" মডেল গ্ৰহণ কৰিবলৈ বা অনুষ্ঠানটোৰ পৰা বাহিৰ হোৱাৰ বাবে সাজু হ'বলৈ কৈছিল । সমান্তৰালকৈ একেখন বৈঠকতে আই চি চি ব’ৰ্ডৰ সংখ্যাগৰিষ্ঠ সদস্যই নকভিক 'হাইব্ৰিড' মডেল গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷

ক্ৰমাৎ সুৰ সলনি হৈছে পি চি বিৰ অধ্যক্ষৰ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আই চি চিক কৈছে যে, তেওঁলোকে চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে 'হাইব্ৰিড' মডেল গ্ৰহণ কৰিবলৈ সাজু ৷ এয়া তেতিয়াহে সম্ভৱ হ’ব যদিহে আই চি চিয়ে 2031 চনৰ ভিতৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহৰ বাবে একে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

"মই বেছি মন্তব্য কৰিব নিবিচাৰো কিয়নো ই বিষয়টোত জটিলতা সৃষ্টি কৰিব পাৰে । আমি আমাৰ দৃষ্টিভংগী (আই চি চিক) প্ৰদান কৰিছো, ভাৰতীয়সকলেও তেওঁলোকৰ দৃষ্টিভংগী প্ৰদান কৰিছে ৷ সকলোৰে বাবে সকলো সঠিক হোৱাটো নিশ্চিত কৰাটোৱে হৈছে মূল প্ৰয়াস ৷

তেওঁ কয় যে, "ক্ৰিকেটক জয় কৰিব লাগে, সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ আমি ক্ৰিকেটৰ বাবে যি কৰিম, সেয়া হ’ব সৰ্বশ্ৰেষ্ঠ ৷ আমি যি সূত্ৰই গ্ৰহণ কৰো, ই সমান চৰ্তত হ'ব । পাকিস্তানৰ গৌৰৱ আটাইতকৈ গুৰুত্বপূৰ্ণ । আমি নিশ্চিত কৰিব লাগিব যে, ক্ৰিকেট জিকিব কিন্তু পাকিস্তানৰ গৌৰৱো অটুট থাকিব লাগিব" ৷

নকভিয়ে লগতে কয় যে, "চাওঁ আহক তাৰপিছত কি হয় । মোৰ প্ৰয়াস হৈছে যাতে কোনো একপক্ষীয় ব্যৱস্থা নাথাকে, সেয়া নিশ্চিত কৰা । এনে হোৱা উচিত নহয় যে, আমি ভাৰত ভ্ৰমণ কৰো আৰু তেওঁলোক আমাৰ দেশলৈ আহিবলৈ নিবিচাৰে । ধাৰণাটো হ'ল ইয়াক সকলোৰে বাবে এবাৰ আৰু সমভাৱে সমাধান কৰা" ৷

পি চি বিৰ দুটা বৃহৎ চৰ্ত

  • যদি ভাৰতীয় দলটো ফাইনেলত উপনীত নহয়, তেন্তে পি চি বিয়ে ফাইনেল মেচখন লাহোৰত অনুষ্ঠিত হোৱাটো বিচাৰে ।
  • ভাৰতত অনুষ্ঠিত হ'বলগীয়া আই চি চি প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত আয়োজন কৰিব লাগে আৰু পাকিস্তানে ভাৰতত ইয়াৰ খেল খেলিব নালাগে ।

লগতে পঢ়ক:আই পি এলৰ কোটিটকীয়া ক্ৰিকেটাৰ ব্যৰ্থ ! পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰে অভিযান আৰম্ভ ভাৰতৰ

ABOUT THE AUTHOR

...view details