স্প’ৰ্টছ ডেস্ক:সংবাদ সংস্থা পি টি আইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনানুষ্ঠানিক বৈঠকত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেল চূড়ান্ত কৰা হৈছে । ভাৰতে সংযুক্ত আৰৱ আমিৰশ্বাহীত নিজৰ মেচ খেলিবলৈ অনুমতি লাভ কৰিব ৷
সমান্তৰালকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পি চি বি) দাবীত আই চি চিয়ে 2027 চনলৈকে আই চি চিৰ ইভেণ্টৰ সময়সীমা একে ধৰণেৰে নিৰ্ধাৰণ কৰাৰ সন্দৰ্ভতো সন্মতি প্ৰকাশ কৰিছে ।
আই চি চিৰ সূত্ৰটোৱে পি টি আইক জনোৱা মতে, 2025 চনৰ চেম্পিয়নছ ট্ৰফী সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু পাকিস্তানত অনুষ্ঠিত হ’ব ৷ ভাৰতে নিজৰ মেচসমূহ ডুবাইত খেলিব বুলি আগবঢ়োৱা প্ৰস্তাৱত সকলো পক্ষই নীতিগতভাৱে সহমতত উপনীত হৈছে ।
অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । হাইব্ৰিড মডেলত সন্মতি দিয়াৰ সময়তে পি চি বিয়ে 2031 চনলৈকে ভাৰতে আয়োজন কৰিবলগীয়া আই চি চিৰ অনুষ্ঠানসমূহৰ বাবেও একেধৰণৰ ব্যৱস্থাৰ দাবী জনায় । কিন্তু আই চি চিয়ে 2027 চনলৈকে সকলো ইভেণ্টৰ বাবে হাইব্ৰিড মডেলৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে ।